ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শনিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বছৰটোৰ দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকাৰীণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা আজি জিলাখনত ৬৬৫ টা অমীমাংসিত গোচৰৰ ভিতৰত ২০১ টা গোচৰ নিষ্পত্তি কৰা হৈছে।
ইয়াৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু বেংকৰ ঋণৰ ১৩৪ টা গোচৰ মীমাংসা কৰা হৈছে। জিলাখনত এইবেলি লোক আদালতৰ জৰিয়তে ২৯ লাখ ২৯ হেজাৰ ৬৯১ টকা সংগ্ৰহ কৰা হৈছে বুলি এক সংবাদমেলত জিলা আৰু সত্ৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাই জানিবলৈ দিছে।