ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ‘ গছ নাকাটো, গছ লগাও আহক’ গছ সুৰক্ষা আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ বাৰ্তা লৈ গুৱাহাটীৰ পৰা শনিবাৰে মানকাচৰত উপস্থিত হয় ৫ গৰাকীকৈ চাইকেল ৰাইডাৰ। উৎকট গৰমৰ মাজতেই ধুবুৰীৰ পৰা ফেৰীযোগে পুৱাৰ ভাগত ৰাইডাৰ কেইজন উপস্থিত হয় দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ।
গুৱাহাটীৰ পৰা ১১ জুনত নামনি অসমৰ জিলাকেইখনক চুই মানকাচৰলৈ যাত্ৰা আৰম্ভ কৰিছিল পাঁচজনীয়া ৰাইডাৰৰ দলটোৱে। Rain Drop Initiative নামৰ এটা বেচৰকাৰী সন্থাৰ উদ্যোগত আৰম্ভ কৰা হৈছিল এই চাইকেল যাত্ৰা। চাইকেল ৰাইডাৰৰ দলটো শনিবাৰে হাটশিঙিমাৰীত উপস্থিত হোৱাত দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে উষ্ম আদৰণি জনায়।
ৰাইডাৰ সকলে মন্দিৰ, নামঘৰ, মছজিদ, কবৰস্থান, শ্মশান আদিত স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰে। মানকাচৰতো ৰাইডাৰৰ দলটোৱে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে। কোভিডৰ লক ডাউনৰ সময়েৰে পৰা সন্থাটোৱে পৰিৱেশ আৰু অসহায় লোকৰ বাবে বিভিন্ন কাম কৰি আহিছে বুলি জানিবলৈ দিছে ৷ মানকাচৰত আহি সকলোৰে সহায়-সহযোগিতা দেখি অতি সন্তষ্টি লাভ কৰা বুলি প্ৰকাশ কৰে দলটোৱে। গুৱাহাটীৰ পৰা ৰাইডাৰৰ দলটো মানকাচৰলৈ অহা ৰাস্তাৰ কাষত গছ কম দেখি তেওঁ ৰাস্তাৰ কাষত গছপুলি ৰোপনৰ বাবে সকলোকে আহ্বান জনায়।
লক্ষণীয় যে, ৰাইডাৰৰ দলটো দুপৰীয়া হাটশিঙিমাৰীৰ পৰা মানকাচৰহৈ মেঘালয়ৰ মহেন্দ্ৰগঞ্জত উপস্থিত হব। দেওবাৰে চাইকেল ৰেলী কাৰ্যসূচী সামৰণি পেলাই দলটো গুৱাহাটীলৈ বুলি ৰওনা হ’ব।