Wednesday, February 11, 2026
Google search engine
গৃহস্থানীয়অসম-মেঘালয় সীমান্তত উত্তেজনাঃ হাটশিঙিমাৰীত শান্তি সমিতিৰ বৈঠক, হেল্পলাইন নম্বৰ মুকলি

অসম-মেঘালয় সীমান্তত উত্তেজনাঃ হাটশিঙিমাৰীত শান্তি সমিতিৰ বৈঠক, হেল্পলাইন নম্বৰ মুকলি

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মেঘালয়ত অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীৰ ওপৰত চলি থকা হাৰাশাস্তি আৰু নিৰ্যাতনৰ অভিযোগে অসম–মেঘালয় সীমান্ত অঞ্চলত পৰিস্থিতি দিনে দিনে অধিক অৱনতিমুখী হোৱাৰ দিশে আগবাঢ়িছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে তৎকালীনভাৱে হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত শান্তি সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিবলগীয়া হয়।

এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মূল কাৰণ হিচাপে পূৰ্বে মেঘালয়ৰ ৰাজাবালা এলেকাত সংঘটিত এক হিংসাত্মক ঘটনাক দায়ী কৰা হৈছে। মেঘালয়ৰ ৰাজাবালা অঞ্চলত আচিক নামৰ এটা গাৰো সংগঠনৰ এজন সদস্যক কিছুমান অনাগাৰো দুস্কৃতিকাৰীয়ে প্ৰহাৰ কৰাৰ ফলত সদস্যজনৰ মৃত্যু ঘটে। যোৱা ৯ জানুৱাৰীত সংঘটিত এই ঘটনাৰ পিছতেই মেঘালয়ৰ একাংশ গাৰো দুস্কৃতিকাৰীয়ে অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীক লক্ষ্য কৰি ভাবুকি আৰু হাৰাশাস্তি চলাবলৈ আৰম্ভ কৰে বুলি অভিযোগ উঠিছে।

এই ভাবুকিৰ ফলত সহস্ৰাধিক অসমৰ শ্ৰমিক আৰু ব্যৱসায়ী নিৰাপত্তাজনিত আশংকাত মেঘালয় এৰি অসমলৈ উভতি আহিবলৈ বাধ্য হয়। অভিযোগ অনুসৰি, তেতিয়াৰ পৰাই মেঘালয়ৰ একাংশ অঞ্চলত অসমৰ ব্যৱসায়ীক হাট-বজাৰত কোনো ধৰণৰ দোকান-পাট খুলিবলৈ নিদিয়া হৈছে। বিশেষকৈ পাচলি ব্যৱসায়ীৰ ক্ষেত্ৰত এই বাধা অধিক স্পষ্ট হৈ উঠিছে। অসমৰ পাচলি ব্যৱসায়ীয়ে পাচলি লৈ মেঘালয়ত দোকান বহুওৱাতো বাধাৰ সন্মুখীন হৈছে বুলি অভিযোগ কৰা হৈছে।

ইফালে, এই পৰিস্থিতিৰ মাজতেই একাংশ গাৰো ব্যৱসায়ীয়ে মানকাচৰত উপস্থিত হৈ ইয়াৰ পৰা পাচলি ক্ৰয় কৰি মেঘালয়লৈ নি অধিক লাভত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত স্থানীয় ব্যৱসায়ীসকলৰ মাজত ক্ষোভ আৰু অসন্তোষ বৃদ্ধি পায়।

পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে যোৱা প্ৰায় পাঁচ দিন পূৰ্বে সংঘটিত এক গুৰুত্বপূৰ্ণ ঘটনাৰ পাছত। জানিব পৰা মতে, মেঘালয়লৈ তামোল আনিবলৈ যোৱা অসমৰ দুইজন চালকক গাৰো দুস্কৃতিকাৰীয়ে আটক কৰি প্ৰায় ৯ ঘণ্টা ধৰি শাৰীৰিকভাৱে নিৰ্যাতন চলায়। পিছত তেওঁলোকক ঘৰলৈ উভতি আহিবলৈ মুকলি কৰি দিয়া হয়। এই ঘটনাৰ ফলত দুয়োজন চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিতসাধীন হ’বলগীয়া হৈছে।

এই ঘটনাই মানকাচৰৰ ব্যৱসায়ী সমাজত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰে। ইয়াৰ পিছদিনৰ পৰাই মানকাচৰৰ ব্যৱসায়ীসকলে নিজে নিজে সিদ্ধান্ত গ্ৰহণ কৰি মেঘালয়লৈ সকলো ধৰণৰ পাচলি ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ ৰাখে। তাৰ বিপৰীতে, মেঘালয়ৰ পৰা তামোল কঢ়িয়াই অনা কোনো বাহনক মানকাচৰত প্ৰৱেশ কৰিবলৈও অনুমতি দিয়া হোৱা নাই।

এই অৱস্থাৰ মাজতেই, দুই-এক স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে মেঘালয়লৈ পাচলি ৰপ্তানি কৰিবলৈ চেষ্টা কৰাত অসম–মেঘালয় সীমান্তৱৰ্তী এলেকাত উত্তেজনাৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, এনে ক্ষেত্ৰত কিছুমান স্থানত তেওঁলোকৰ পাচলি কাঢ়ি লৈ ৰাস্তাত পেলাই দিয়া হয়। একেদৰে মেঘালয়ৰ পৰা মানকাচৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা তামোল কঢ়িয়াই অনা বাহনৰ পৰাও তামোল কাঢ়ি লৈ ৰাস্তাত পেলাই দিয়াৰ দৰে ঘটনাও সংঘটিত হোৱাত ঠায়ে ঠায়ে আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে।

যোৱা তিনিটা দিনত মানকাচৰৰ বিশেষকৈ অসম–মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত এনে কেবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰে। দিনক দিনে উত্তেজনা বৃদ্ধি পোৱাৰ আশংকাত জিলা প্ৰশাসনে তৎকালীনভাৱে হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি শান্তি সমিতিৰ এখন বৈঠক আহ্বান কৰে।

জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱী, আইনজীৱী, সাংবাদিক, শ্ৰমিক আৰু ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ লগতে বিভিন্ন সামাজিক আৰু অৰাজনৈতিক সংগঠনৰ নেতা-কৰ্মী আৰু সচেতন নাগৰিক উপস্থিত আছিল।

বৈঠকত অংশগ্ৰহণকাৰী একাংশই স্পষ্ট ভাষাত কয় যে, যেতিয়ালৈকে মেঘালয় প্ৰশাসনে অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীৰ নিৰাপত্তা নিশ্চিত নকৰে, তেতিয়ালৈকে তেওঁলোক মেঘালয়লৈ ব্যৱসায় বা কামৰ উদ্দেশ্যে যাবলৈ আগ্ৰহী নহয়। জিলা প্ৰশাসনে মেঘালয় প্ৰশাসনৰ সৈতে সমন্বয় সাধন কৰি শ্ৰমিক আৰু ব্যৱসায়ীৰ সুৰক্ষা নিশ্চিত কৰিলেহে পূৰ্বৰ স্বাভাৱিক বাণিজ্যিক পৰিস্থিতি ঘূৰাই অহাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

শান্তি সমিতিৰ এই বৈঠকৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত উত্তেজনা হ্ৰাস কৰি শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনোৱা হয়। লগতে, প্ৰশাসনে পৰিস্থিতিৰ ওপৰত কড়া নজৰ ৰাখি আগন্তুক দিনত সকলো পক্ষৰ সৈতে আলোচনা অব্যাহত ৰখাৰ আশ্বাস দিয়ে। শান্তি সমিতিৰ বৈঠকত বক্তব্য ৰাখি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই কয় যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ব্যৱসায়ীসকলে মেঘালয়ৰ মূল বজাৰসমূহত ব্যৱসায়ৰ উদ্দেশ্যে যাতায়ত কৰিব পাৰিব যদিও দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাৰ বজাৰসমূহলৈ নাযাবলৈ তেওঁলোকে সতৰ্কতা অৱলম্বন কৰাটো উত্তম হ’ব।

লগতে জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে মেঘালয়ত ব্যৱসায়-বানিজ্য কৰা অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীৰ সহায়ৰ বাবে হাটশিঙিমাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা ৯৯৫৪৮৫৩৪১১ নম্বৰৰ এটা হেল্পলাইন মুকলি কৰা হৈছে। শ্ৰমিক বা ব্যৱসায়ী কোনো ধৰণৰ সমস্যাৰ সম্মুখীন হ’লে লগে লগে এই নম্বৰত যোগাযোগ কৰিলে জিলা প্ৰশাসনে তৎকালীনভাৱে প্ৰয়োজনীয় সহায় আৰু সহযোগিতা আগবঢ়াব বুলি শান্তি সমিতিৰ বৈঠকত জিলা আয়ুক্তগৰাকীয়ে আশ্বাস দিয়ে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments