Wednesday, February 4, 2026
Google search engine
গৃহউত্তৰ-পূবমেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাত শান্তি বজাই ৰাখিবলৈ উপায়ুক্তৰ আহ্বান

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাত শান্তি বজাই ৰাখিবলৈ উপায়ুক্তৰ আহ্বান

ডিজিটেল ডেক্স, মেঘালয় চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ পৰিস্থিতিক লৈ সোমবাৰে আম্পাতি জিলা প্ৰশাসনৰ উদ্যোগত এখন শান্তি বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকত অংশ লৈ জিলা উপায়ুক্ত আনন্দ্যা ৰাজশ্ৰীয়ে ৰাইজক শান্তিপূৰ্ণভাৱে একেলগে থাকিবলৈ, প্ৰশাসনৰ কথা মানি চলিবলৈ আৰু আইন–শৃংখলাৰ বিষয় নিজৰ হাতত নল’বলৈ আহ্বান জনায়।

উপায়ুক্তগৰাকীয়ে কয় যে বিভিন্ন জাতি আৰু ধৰ্মৰ লোক থকাৰ পিছতো দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলা বহুদিন ধৰি শান্তিপূৰ্ণ অঞ্চল হিচাপে পৰিচিত। কিছুমান দুষ্ট লোকৰ বাবে সৃষ্টি হোৱা অশান্তিয়ে এই অঞ্চলৰ পৰম্পৰা নষ্ট কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে।

জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হয় যে পশ্চিম গাৰো পাহাৰ জিলা আৰু অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সৈতে মিলি বৰ্তমান সমস্যাৰ স্থায়ী সমাধানৰ চেষ্টা চলি আছে। এই সময়ছোৱাত ব্যৱসায়ী আৰু সাধাৰণ ৰাইজক ধৈৰ্য্য ধৰি শান্ত থাকিবলৈ অনুৰোধ জনোৱা হয়।

শান্তি বৈঠকত আৰক্ষী অধীক্ষক বিকাশ ভাৰ্মাই সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা খবৰ ভালদৰে যাচাই নকৰাকৈ বিশ্বাস নকৰিবলৈ সতৰ্ক কৰে। তেওঁ লগতে কোনো অপ্ৰত্যাশিত ঘটনা ঘটিলে নিজে কোনো ব্যৱস্থা নলোৱাকৈ নিকটৱৰ্তী আৰক্ষী থানাত জনাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে গাৰো পাহাৰ অঞ্চলত চলি থকা উত্তেজনাৰ বাবে চুপাৰী খেতিয়ক আৰু ব্যৱসায়ীসকল সমস্যাত পৰিছে। এই কথা মনত ৰাখি আয়োজন কৰা বৈঠকখনত নকমা পৰিষদৰ সদস্য, বিভিন্ন ধৰ্মীয় সংগঠনৰ নেতা, সমাজ সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক, বজাৰ সমিতিৰ সদস্য, চুপাৰী (তামোল) খেতিয়ক আৰু ব্যৱসায়ীসকল উপস্থিত আছিল।

বৈঠকত ৰাজাবালাৰ গোলগাঁও গাঁৱত সংঘটিত ঘটনাক নিন্দা কৰা হয় আৰু অঞ্চলটোত পুনৰ শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ সকলোৰে পৰা আহ্বান জনোৱা হয়। লগতে কোৱা হয় যে স্বাধীনতাৰ আগৰে পৰা এই অঞ্চলৰ লোকসকলে সদায় মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে আৰু কিছুমান দুষ্ট লোকৰ বাবে হোৱা সমস্যা আগতেও মিলাপ্ৰীতিৰে সমাধান কৰা হৈছে। কাইলৈ বিয়লি ৩ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনেও একেধৰনৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে ইতিমদ্যে বিভিন্ন মহলক চিঠিযোগে আমন্ত্ৰণ জনোৱা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments