Sunday, February 8, 2026
Google search engine
গৃহস্থানীয়প্ৰশাসনৰ নিৰ্দেশনাৰ পাচত মানকাচৰত নিজে নিজে চৰকাৰী ভূমি বেদখলমুক্ত কৰিছে ব্যৱসায়ীয়ে

প্ৰশাসনৰ নিৰ্দেশনাৰ পাচত মানকাচৰত নিজে নিজে চৰকাৰী ভূমি বেদখলমুক্ত কৰিছে ব্যৱসায়ীয়ে

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ চৰকাৰৰ ৩.০ অসম মালা আঁচনিৰ অধীনত হাটশিঙিমাৰী–মানকাচৰ সংযোগী এইচ-এম পথ পুনৰ নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে মানকাচৰ অঞ্চলত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া তীব্ৰ হৈছে। দক্ষিণ শালমাৰা–মানকাচৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি মানকাচৰ ৰাজহ চক্ৰ বিষয়াই যোৱা ২৮ জানুৱাৰীত এক লিখিত নিৰ্দেশনা জাৰি কৰি পথৰ দুয়োপাৰে বেদখল হৈ থকা চৰকাৰী মাটি ৩০ ফুটকৈ খালী কৰিবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিয়ে।

এই নিৰ্দেশনাৰ পাচতেই হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা, ঝাউডাঙা, ঝালোৰচৰ বজাৰ এলেকাসহ পথৰ দুয়ো পাৰে থকা ব্যৱসায়ীসকলে কোনো প্ৰশাসনিক বলপ্ৰয়োগ নোহোৱাকৈ নিজে নিজে নিজৰ দোকান-পাঠ আঁতৰাই চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ আৰম্ভ কৰিছে। কেৱল দোকান-পাঠেই নহয়, বহু ঠাইত স্থানীয় ৰাইজে নিজৰ ঘৰ-দুৱাৰ আৰু অস্থায়ী নিৰ্মাণসমূহো স্বেচ্ছাই আঁতৰাই নিয়া দেখা গৈছে। প্ৰশাসনৰ এই আহ্বানত ৰাইজে আগবঢ়োৱা সহযোগিতাক ইতিবাচক দৃষ্টান্ত হিচাপে গণ্য কৰা হৈছে।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি হাটশিঙিমাৰী–মানকাচৰ সংযোগী পথটো বিধস্ত অৱস্থাত থাকি অঞ্চলবাসীক যথেষ্ট সমস্যাত পেলাই আহিছিল। পথটো পুনৰ নিৰ্মাণৰ দাবীত জিলাবাসীয়ে বহুদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম মালা আঁচনিৰ জৰিয়তে এই পথ নিৰ্মাণৰ বাবে ৯২ কোটি টকা অনুমোদন দিয়ে। প্ৰায় ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এইচ-এম পথখন পুনৰ নিৰ্মাণৰ দায়িত্ব হাই টেক নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু চলিত মাহতেই কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

ৰাস্তা নিৰ্মাণৰ বাবে ব্যৱসায়ী আৰু সাধাৰণ ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াই নিজে নিজে বেদখল আঁতৰাই লোৱাত মানকাচৰ অঞ্চলত এক ইতিবাচক পৰিবেশ সৃষ্টি হৈছে। প্ৰশাসনো এই সহযোগিতাক আদৰণি জনাই সময়মতে পথ নিৰ্মাণ সম্পন্ন কৰাৰ আশ্বাস দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments