Monday, February 9, 2026
Google search engine
গৃহস্থানীয়মানকাচৰ–বাংলা সীমান্তত BSF ৰ গুলীচালনাত আহত গৰু সৰবৰাহকাৰী

মানকাচৰ–বাংলা সীমান্তত BSF ৰ গুলীচালনাত আহত গৰু সৰবৰাহকাৰী

ডিজিটেল ডেক্স, মানকাচৰঃ মানকাচৰ–বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত গৰু সৰবৰাহ ৰোধ কৰিবলৈ গৈ বিএছএফে পাম্প এক্সন গানৰে গুলীচালনা কৰা এক গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে। এই ঘটনাত এজন গৰু সৰবৰাহকাৰী ভৰিত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়।

বিএছএফ সূত্ৰে জানিবলৈ দিয়া মতে, আজি পুৱতি নিশা প্ৰায় ৪ বজাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত এলেকাত এটা সৰবৰাহকাৰী চক্ৰই কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল। সেই সময়তে সীমান্তত টহল দি থকা বিএছএফ জোৱানে সৰবৰাহকাৰী দলটোক বাধা প্ৰদান কৰে। কিন্তু সৰবৰাহকাৰীৰ দলটোৱে দা, লাঠি আদি অস্ত্ৰৰে বিএছএফ জোৱানক আক্ৰমণ কৰাৰ চেষ্টা চলোৱাত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ উঠে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু আত্মৰক্ষাৰ স্বাৰ্থতেই বিএছএফে পাম্প এক্সন গানৰে গুলীচালনা কৰিবলৈ বাধ্য হয়। গুলীচালনাৰ সময়ত এজন সৰবৰাহকাৰী ভৰিত গুলীবিদ্ধ হয়। আহত লোকজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে।

আহত গৰু সৰবৰাহকাৰীজন মানকাচৰ থানা এলেকাৰ  চৰ কুকুৰমাৰা গাঁৱৰ হেকমত আলীৰ পুত্ৰ ছাহেৰ আলী (২৭) বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক চিকিৎসাৰ পিছত বিএছএফে আহত সৰবৰাহকাৰীজনক মানকাচৰ আৰক্ষীৰ জিম্মাত গতাই দিয়ে।

ইফালে, আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কাঁইটীয়া তাঁৰৰ বেৰ কটা কাটাৰ, দা, লাঠি আদি অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে দুটা গৰু জব্দ কৰিছে বুলি বিএছএফ সূত্ৰে প্ৰকাশ কৰিছে। ঘটনাটোক লৈ সীমান্ত অঞ্চলত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে আৰু বিএছএফে সীমান্তত টহল আৰু নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments