Friday, October 31, 2025
Google search engine
গৃহউত্তৰ-পূবমানুহ এজন, ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰে দুখন ৰাজ্যৰ । মেঘালয়ৰ এহাল দম্পত্তিৰ...

মানুহ এজন, ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰে দুখন ৰাজ্যৰ । মেঘালয়ৰ এহাল দম্পত্তিৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়োগক লিখিত অভিযোগ

ডিজিটেল ডেক্স, মেঘালয়ঃ মানুহ এজন, কিন্তু ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰে দুখন ৰাজ্যৰ। নিৰ্বাচন আয়োগক ফাঁকি দি দুখনকৈ ৰাজ্যত দুখন পৃথক ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মেঘালয়ৰ এহাল দম্পত্তিৰ বিৰুদ্ধে। সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়োগক লিখিত অভিযোগ BLOৰ।

এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জ সমষ্টিত। ৫৪ নং মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ জৱাহাৰলাল প্ৰসাদ আৰু তেওঁৰ পত্নী শকুন্তলা প্ৰসাদ বিৰুদ্ধে দুখনকৈ ৰাজ্যত দুটা পৃথক ভোটাৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ পোৱা গৈছে।

ৰাজ্যখনত দুয়োৰ ভোটাৰ পৰিচয় পত্ৰৰ EPIC নম্বৰ ক্ৰমে TNZ0000349 আৰু  KHV0621607। মেঘালয়ৰ দৰে এই দম্পত্তিহালৰ অসমৰ ভোটাৰ তালিকাতো অন্তৰ্ভূক্ত হৈ আছে নাম। ৮ নং ধুবুৰী বিধানসভা সমষ্টিৰ ২৬৬ ভোটগ্ৰহন কেন্দ্ৰৰ ভোটাৰ তালিকাত দম্পত্তি হালৰ নাম অন্তৰ্ভূক্ত হৈ আছে। ধুবুৰীৰ ভোটাৰ তালিকাত দম্পত্তিহালৰ ভোটাৰ পৰিচয় পত্ৰৰ EPIC নম্বৰ দুটা ক্ৰমে DHL7734807 আৰু DHL7734830 ।

অভিযোগ মতে, প্ৰায় ১০-১৫ বছৰ পূৰ্বে এই দম্পত্তিয়ে মেঘালয়ত বসবাস আৰম্ভ কৰিছে। মেঘালয়ত নিৰ্বাচনী বিষয়াক ভুৱা তথ্য প্ৰদান কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিছে। ২০০৫ চনৰ ধুবুৰীৰ ভোটাৰ তালিকাতো দুয়োৰে নাম অন্তৰ্ভূক্ত হৈ আছে। দুয়োখন ৰাজ্যত পৃথকে ভোটাৰ পৰিচয় পত্ৰ লৈ দুয়োখন ৰাজ্যত ভোটদান কৰি অহা বুলি অভিযোগ তুলিছে মেঘালয়ৰ ছাৰাফত হুছেইন (Sarafat Hussain) নামৰ BLO জনে।

ধুবুৰীৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত হৈ থকাৰ পাচতো মেঘালয়ৰ পৰা চৰকাৰী সুবিধা লাভ কৰিবলৈ দম্পত্তিহালে মেঘালয়ৰ ভোটাৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। লক্ষণীয় যে, এই দম্পত্তিৰ জীয়েকৰ নামত মেঘালয়ৰ পৰা Scheduled Cast ৰ চাৰ্টিফিকেট প্ৰস্তুত কৰি চিকিৎকৰ ছাত্ৰী হিচাপে নামভৰ্তিৰ সুবিধা লোৱাৰ লগতে বিভিন্ন বিভাগত ঠিকাদাৰ হিচাপে জৱাহাৰলাল প্ৰসাদে এছ চি চাৰ্টিফিকেটৰ সুবিধা লৈছে বুলি দেশৰ মুখ্য নিৰ্বাচনী আয়োগক বিএলঅ ছাৰাফত হুছেইনে লিখিত অভিযোগ দাখিল কৰিছে। এই অভিযোগৰ পাচত ৰাজ্যখনৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলা প্ৰশাসন বিষয়টো তদন্ত আৰম্ভ কৰিছে। যোৱা ২৪ অক্টোবৰত অভিযুক্ত লোকজন আমপাতী জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা নিৰ্বাচনী বিষয়াৰ ওচৰত হাজিৰ হৈছিল। ইতিমধ্যে অসমৰ ধুবুৰীৰ ভোটাৰ তালিকাত থকা নাম ২৪ অক্টোবৰৰ দিনা কৰ্তনৰ বাবে আবেদন দিয়া বুলি তেঁও দাবী কৰিছে। কিন্তু ইমানদিনে নিৰ্বাচনত আয়োগক ফাকি দি কিয় জৱাহৰলাল প্ৰসাদ আৰু তেওঁৰ পত্নী দুখন ৰাজ্যৰ ভোটাৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি আহিছিল তাকৈ লৈ প্ৰশ্ন উত্থাপন হৈছে। ইফালে অতিকৈ প্ৰভাৱশালী জৱাহাৰলাল প্ৰসাদৰ এই তথ্য BLO জনে পোহৰলৈ অনাৰ পাচত বিভিন্ন প্ৰকাৰে BLO জনক ভয়-ভাবুকি দিয়া হৈছিল বাবে তেওঁ সংবাদমাধ্যমৰ কাষ চাপে। এই ঘটনাটোক লৈ দেশৰ নিৰ্বাচনৰ আয়োগৰ মুখ্য আয়োগে কি পদক্ষেপ গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments