Friday, October 31, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । শান্তিপূৰ্ণভাৱে ভোটগ্ৰহন, ভোটগণনাৰ পাচত ফলাফল...

হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । শান্তিপূৰ্ণভাৱে ভোটগ্ৰহন, ভোটগণনাৰ পাচত ফলাফল ঘোষণা

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়ত কালি দিনজোৰা কাৰ্যসূচীৰে ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ-একতা সভাৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰা হয়।

উল্লেখযোগ্য যে, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ মুঠ ১১ খন আসনৰ ভিতৰত এজন প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাত নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকী ১০ খন আসনৰ বাবে ২৬ গৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। মুঠ ২০১৫ গৰাকী ভোটাৰৰ ভিতৰত ১৫০২ গৰাকী ভোটাৰ কালি পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ ভোটদান কৰে। ৬ খনকৈ কক্ষত শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহনৰ পাচত বিয়লি ২ বজাৰ পৰা ভোটগণনা আৰম্ভ কৰা হয়। সন্ধিয়া ৭ বজাৰ ভিতৰত আটাইকেটা পদৰ বাবে প্ৰাৰ্থীৰ ভোটগণনা সম্পন্ন হোৱাত হাটশিঙিমাৰী মহাবিদ্যালয় কতৃপক্ষই মাইকযোগে ফলাফল ঘোষণা কৰে। এইবেলি মহাবিদ্যালয়খনৰ পৰা ছাত্ৰ একতা সভাৰ সভাপতি পদত আল মামুন মণ্ডল নিৰ্বাচিত হোৱাৰ লগতে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে মমিন মুস্তাকিন। সহকাৰী সাধাৰণ সম্পাদকৰ পদত ছামছুল আলম, আলোচনী সম্পাদকৰ পদত মিজানুৰ ৰহমান, আউট ড’ৰ ক্ৰীড়া সম্পাদকৰ পদত মোছাৰফ হুছেইন, ইনড’ৰ ক্ৰীড়া সম্পাদকৰ পদত শ্বৰিফুল ইছলাম, ছচিয়েল চাৰ্ভিচ সম্পাদকৰ পদত শ্বোৱেল বাবু, ডিবেট এণ্ড কালচাৰ সম্পাদক পদত মিনু মিঞা, বয়েচ কমন ৰুম সম্পাদক পদত ৰাহুল বাবু আৰু ছোৱালী কমন ৰূম সম্পাদিকা পদত ছালিমা খাতুন নিৰ্বাচনৰ জৰিয়তে জয়লাভ কৰে। মিউজিক এণ্ড ড্ৰামা সম্পাদকৰ পদত সাজিব আনছাৰী বিনাপ্ৰতিদ্বন্দিতাত জয়লাভ কৰিছে বুলি মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ সাহেৰ আলীয়ে জানিবলৈ দিছে। অইন অইন বছৰৰ দৰে মহাবিদ্যালয় কতৃপক্ষই আৰক্ষীৰ সহয়োগত কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments