ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা শিক্ষা বিভাগৰ যৌথ উদ্যোগত আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা খনৰ ৮ খনকৈ শিক্ষানুষ্ঠানত ভূমিকম্প আৰু অগ্নি নিৰ্বাপক অনুশীলন অনুষ্ঠিত কৰে ।
শিক্ষানুষ্ঠানত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ছাত্ৰ-ছাত্ৰী সকল কিদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব তাৰ ওপৰত ম’কড্ৰিল কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। দুৰ্যোগত কোনো ছাত্ৰ-ছাত্ৰী আহত হ’লে কিদৰে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে তাৰ ওপৰতো ছাত্ৰ-ছাত্ৰী সকলক অনুশীলন দিয়া হয়।

ফেকামৰিস্থিত কৌস্তুৰবা গান্ধী বালিকা বিদ্যালয়তো এই ম’কড্ৰিল কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ জিলা আঁচনি বিষয়া ৰেকিবুজ জাহান, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ নডেল বিষয়া হিমাংশু বৰ্মনৰ লগতে জিলাখনৰ দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ কেবাগৰাকী কৰ্মকৰ্তা উপস্থিত আছিল। আজি জিলাখনৰ মনকাচৰ, ফেকামাৰী আৰু দক্ষিণ শালমাৰা কৌস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ লগতে মানকাচৰৰ পিএম শ্ৰী এএ লতিফ ছোৱালী ইনছটিটিউট, পিএমশ্ৰী জনতা এইচ এছ স্কুল, সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণ শালমাৰাৰ আৰবিবি এইচ এচ স্কুল আৰু টুমনি হাইস্কুলত একেলগে একে সময়ত ভূমিকম্প আৰু অগ্নিনিৰ্বাপক অনুশীলন অনুষ্ঠিত কৰা হয়।



 
                                    
