Friday, October 31, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত পুনৰ বৃদ্ধি পাইছে পশুধনৰ চোৰাং কাৰবাৰ, সুখচৰত জব্দ ১১ টা...

মানকাচৰ-বাংলাদেশ সীমান্তত পুনৰ বৃদ্ধি পাইছে পশুধনৰ চোৰাং কাৰবাৰ, সুখচৰত জব্দ ১১ টা পশুধন

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ সুখচৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে চোৰাং পশুধনৰ বিৰুদ্ধে অভিযান। মঙলবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষীয়ে অভিযান চলাই ১১ টা কৈ চোৰাং পশুধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৭ টা গৰু আৰু ৪টা চোৰাং ম’হ। জানিব পৰা মতে চোৰাং সৰবৰাহকাৰীয়ে চোৰাং পশুধন সমূহ বাংলাদেশ লৈ সৰবৰাহ কৰাৰ সময়ত সুখচৰ আৰক্ষীয়ে বেৰাভাঙাৰ চহৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চোৰাং সৰবৰাহকাৰী সকলে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments