Friday, October 31, 2025
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাৰ টুমনীত ড্ৰাগছবিৰোধী অভিযান । ১ কোটি টকাৰ হেৰ’ইন, নিচাজাতীয় টেবলেট...

দক্ষিণ শালমাৰাৰ টুমনীত ড্ৰাগছবিৰোধী অভিযান । ১ কোটি টকাৰ হেৰ’ইন, নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ ড্ৰাগছ বেপাৰী

ডিজিটেল ডেক্স, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে টুমনী-বৰাইকান্দি গাঁৱত ড্ৰাগছবিৰোধী অভিযান চলাই প্ৰায় ১ কোটি টকাৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেট সহ এটা ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, গোপন সুত্ৰৰ ভিত্তিত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ইনেছপেক্টৰ জে.এছ খুবুঙৰ নেতৃত্বত আৰক্ষীৰ দল এটা গাঁৱখনৰ মতিবৰ ৰহমানৰ পুত্ৰ বানেছ আলীৰ ঘৰত অভিযান চলায়। যোৱা পৰহি নিশা প্ৰায় ১ বজাত ঘৰখনত অভিযান চলাই নিশা প্ৰায় ২ বজাত ১ কোটি টকাৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বানেছ আলীক আটক কৰি জেৰাৰ পাচত কালি সন্ধিয়া গ্ৰেপ্তাৰ কৰিছে বুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খুবুঙে জানিবলৈ দিছে। কাইলৈ পূৱাৰ ভাগত ড্ৰাগছ বেপাৰী বানেছ আলীক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হ’ব। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৪ টা চাবোনৰ বাকচ ভৰ্তি ৮৬ গ্ৰাম হেৰ’ইন, ৬৬ টা কণ্টেনাৰ ভৰ্তি ৬৬ গ্ৰাম হেৰ’ইন আৰু ৮১৬ টা নিচাজাতীয় কেপচুল জব্দ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments