ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ বাৰিষাৰ সমান্তৰালকৈ খৰাং বতৰৰ মাজতো মানকাচৰৰ বিভিন্ন প্ৰান্তত বৰলুইতৰ খহনীয়াই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মাত্ৰ প্ৰায় দুটা মাহৰ ভিতৰত সম্পূৰ্ণৰূপে বৰলুইতৰ বুকুত জাহ গৈছে হাজিৰহাট এলেকাৰ আকন্দেৰ চৰ নামৰ গাঁও । গাঁওখনৰ প্ৰায় ডেৰ শতাধিক পৰিয়াল নিজৰ ঘৰ-দুৱাৰ কোনোমতে অন্য লোকৰ ভূমি ভাৰাত লৈ ঠায়ে ঠায়ে আশ্ৰয় লবলগীয়া হৈছে। অঞ্চলটোৰ শ শ বিঘা কৃষি ভূমি খহনীয়াৰ কৱলত পৰি ব্ৰহ্মপুত্ৰৰ বুকু জাহ গৈছে। এতিয়াও ঠায়ে ঠায়ে অব্যাহত আছে খহনীয়া। খৰাঙৰ মাজতে আকন্দেৰ চৰ এলেকাত প্ৰতিদিনে কৃষিভূমিত চলি আছে খহনীয়া। স্থানীয় ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ, জিলা প্ৰশাসন, জলসম্পদ বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিক জনাই অহাৰ পাচতো সামন্য ফল পোৱা নাই। ফলত ক্ষোভিত হৈছে জনতা।
সৰ্বদিশতে পিছপৰা হাজিৰহাট এলেকাৰ বৃহত্তৰ এলেকা খহনীয়াৰ কৱলত পৰিছে। খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নহলে অহা বছৰ বাৰিষাৰ সময়ত কেবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে। ফলত অতি কমেও সহস্ৰাধিক পৰিয়াল অহা বছৰ ঘৰ-মাটি হেৰুওৱাব পাৰে বুলি নৈপৰীয়া লোকে শংকাত ভূগিছে। এনে পৰিস্থিতিৰ বাবে কালিদক্ষিণ শালমাৰা-মানকাচৰ জিলা আছুয়ে বৰলুইতৰ পাৰত চৰকাৰ, জলসম্পদ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকৰ সহযোগত আছু কৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰবিৰোধী শ্লোগানেৰে ব্ৰহ্মপুত্ৰৰ পাৰ উত্তাল কৰি তোলে। অসম চৰকাৰ হায় হায়, জলসম্পদ বিভাগ হায় হায়, মন্ত্ৰী পিযুষ হাজৰিকা হায় হায়, জিলা প্ৰশাসন হায় হায়, আমাৰ দাবী মানিব লাগিব, খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছু কৰ্মী সকলে। আজি দিনৰ প্ৰায় ১১ বজাত আছুয়ে এই প্ৰতিবাদৰ অন্তত সাংবাদিকৰ আগত কয়, নিৰ্বাচন আহিলে জনপ্ৰতিনিধি এই সকল নৈপৰীয়া লোকৰ ঘৰে ঘৰে আহি ভোট ভিক্ষা কৰে ঠিকেই, কিন্তু নিৰ্বাচনৰ পাচত প্ৰায় ৪ বছৰলৈ ৰাইজৰ সমস্যা সমাধানৰ বাবে কোনোদিনে জনপ্ৰতিনিধি উপস্থিত নহয় এনে এলেকাত। মুখ্যমন্ত্ৰী কেৱল ৰাজ্যৰ উন্নয়নৰ ফুলজাৰি মাৰি দম্বালি মাৰি থাকিলেও বাস্তৱত দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন উন্নয়নৰ পৰা যে বহুত দূৰত আছে সেয়া হাজিৰহাট পৰিদৰ্শন কৰিলে সহজে অনুমান কৰিব পাৰি। মুখ্যমন্ত্ৰী বা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ভোটৰ ৰাজনীতি বন্ধ কৰি ৰাজ্যৰ উন্নয়ন, খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক বুলি জিলা আছুৰ সভাপতি আব্দুৰ ৰেজ্জাক সেখে চৰকাৰক আহ্বান জনায়। হাজিৰহাট এলেকাত শীঘ্ৰে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ নকৰিলে আগন্তক দিনত আছুৱে জলসম্পদ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলাই নিব বুলি বিভাগক সকিয়নি প্ৰদান কৰে।



 
                                    
