ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰত কংগ্ৰেছৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই ভুৱা হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ চাৰ্টিফিকেটেৰে নিৰ্বাচনত জয়লাভ কৰাৰ তথ্য ফালিদ কৰিছে ফুলেৰচৰ গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত কাউঞ্চিলাৰ আব্দুল মোন্নাফ সেখ। গোটাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য মামুন শ্বাহে ভুৱা নথি পত্ৰ দাখিল কৰি নিৰ্বাচনত জয়লাভ কৰাৰ অভিযোগ তুলিছে আব্দুল মোন্নাফ সেখ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰি জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছে।
উল্লেখযোগ্য যে, ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত মানকাচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট দাবীদাৰ আব্দুছ ছালাম শ্বাহৰ পুত্ৰ হৈছে মামুন শ্বাহ। মামুন শ্বাহ ফেকামাৰী আঞ্চলিক পাঞ্চায়তৰ সভাপতি পদৰ শক্তিশালী দাবীদাৰ। অহা ১ নৱেম্বৰত ফেকামাৰী আঞ্চলিক পঞ্চায়ত পুনৰ গঠনৰ বাবে জিলা প্ৰশাসনে সময় নিৰ্ধাৰন কৰিছে। ইয়াৰ মাজতে মামুন শ্বাহৰ ভুৱা নথি পত্ৰ দাখিলৰ অভিযোগ তুলিছে আব্দুল কংগ্ৰেছৰে কাউঞ্চিলাৰ আব্দুল মোন্নাফ সেখ।
প্ৰণিধানযোগ্য যে, শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচনৰ পাচত ২১ জুলাইত ফেকামাৰী আঞ্চলিক পঞ্চায়ত দ্বিতীয় সভাৰ জৰিয়তে গঠন কৰা হৈছিল। ফুলেৰচৰ গাঁও পঞ্চায়তৰ আব্দুল মোন্নাফ শেখ কংগ্ৰেছৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। মানন শ্বাহ সহ ৮ সদস্যক সভাৰ জাননি নিদিয়া বুলি উক্ত সভাত উপস্থিত নাথাকি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে ফেকামাৰী আঞ্চলিক পঞ্চায়ত নতুনকৈ গঠন কৰিব দিছিল।
ইতিমধ্যে এই ঘটনা পোহৰলৈ অহাৰ পাছতে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে আব্দুল মোন্নাফ শেখে। কাইলৈ মামুন শ্বাহৰ বিৰুদ্ধে আব্দুল মোন্নাফ সেখ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰজু কৰিব বুলি সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত জানিবলৈ দিছে। শ্বাহ পুত্ৰ মানুন শ্বাহ নিজৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ সমূহ সত্য বুলি প্ৰমাণ কৰিব পাৰিবনে নাই তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।
এনে ক্ষেত্ৰত মামুন শ্বাহৰ প্ৰতিক্ৰিয়া কি কয় সেয়া সময়তহে লক্ষণীয় হব । মামুনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য বুলি প্ৰমাণিত হলে তেওঁৰ পঞ্চায়ত সদস্য পদ খাৰিজ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।



 
                                    
