Thursday, January 15, 2026
Google search engine
গৃহস্থানীয়মামুন নে মোন্নাফ ! সত্য কোন ?

মামুন নে মোন্নাফ ! সত্য কোন ?

প্ৰসংগঃ কংগ্ৰেছী কাউঞ্চিলাৰ মামুন শ্বাহৰ ভূৱা শিক্ষাগত অৰ্হতা । আব্দুল মোন্নাফ সেখৰ অভিযোগৰ পাচত মামুনৰ পিতৃ ছালাম শ্বাহৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ফুলেৰচৰ গাঁও পঞ্চায়তৰ কাউঞ্চিলাৰ আব্দুল মোন্নাফ সেখ গোটাবাৰী গাঁও পঞ্চায়তৰ কাউঞ্চিলাৰ মামুন শ্বাহৰ বিৰুদ্ধে ভূৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰে নিৰ্বাচনত জয়লাভ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাচত মামুনৰ পিতৃ ছালাম শ্বাহে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মামুন শ্বাহৰ শিক্ষাগত অৰ্হতা সত্য বুলি আব্দুছ ছালাম শ্বাহে দাবী কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কাইলৈ বিষয়টো লৈ আব্দুছ ছালাম শ্বাহে পুত্ৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগকাৰী আব্দুল মোন্নাফ সেখৰ বিৰুদ্ধে অপৰাধমূলক মানহানী গোচৰ ৰজু কৰিব বুলি প্ৰতিক্ৰিয়াত প্ৰকাশ কৰিছে। প্ৰশ্নৰ বিষয় এয়া যে, মামুন শ্বাহৰ শিক্ষাগত অৰ্হতা সত্য নে আব্দুল মোন্নাফ সেখৰ অভিযোগ সত্য সেয়া ৰহস্যজনক । প্ৰশাসনে বিষয়টো তন্ন তন্ন কৰি অনুসন্ধান চলালে শিক্ষাগত অৰ্হতাৰ সত্য সত্যতা পোহৰলৈ আহিব। ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি পদক লৈ শ্বাহ পুত্ৰ মামুন শ্বাহ আৰু আব্দুল মোন্নাফ সেখৰ মাজত চলা এই অৰিয়াঅৰিত এটা কথা স্পষ্ট যে, মানকাচৰত কংগ্ৰেছীয়ে কংগ্ৰেছৰীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ হৈছে।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments