Thursday, January 15, 2026
Google search engine
গৃহস্থানীয়মানকাচৰত, কালাপানীত নিচাজাতীয় টেবলেট, কফ ছিৰাফ সহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

মানকাচৰত, কালাপানীত নিচাজাতীয় টেবলেট, কফ ছিৰাফ সহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰ আৰু কালাপানী আৰক্ষীয়ে দুটা পৃথক অভিযানৰ জৰিয়তে দুই ড্ৰাগছ সৰবৰাহকাৰীক ১০২০০ টা নিচাজাতীয় টেবলেট আৰু ২০ টা কফ ছিৰাফ সহ গ্ৰেপ্তাৰ কৰিছে। গোপন সুত্ৰৰ ভিত্তিত মানকাচৰ আৰক্ষীৰ দল এটা যোৱা নিশা প্ৰায় ১০.৩০ বজাত তিনি আলীত ড্ৰাগছবিৰোধী অভিযান চলাই মানিক চান্দ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। মানিক চান্দ তিনি আলীত কফ ছিৰাফ খিনি বিক্ৰি কৰিবলৈ ধৰাত আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰি কফ ছিৰাফ খিনি জব্দ কৰে। একেদৰে কালাপানী আৰক্ষীও শুক্ৰবাৰে নিশা প্ৰায় ২ বজাত নান্দিয়া গাঁৱৰ বৰশ্বা মোল্লা নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি গ্ৰেপ্তাৰ কৰিছে। বৰশ্বা মোল্লাৰ ঘৰৰ পৰা আৰক্ষীয়ে ১০২০০ টা নিচাজাতীয় টেবলেট জব্দ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments