Wednesday, February 18, 2026
Google search engine
গৃহস্থানীয়মানকাচৰত ড্ৰাগছ চক্ৰৰ মূল অভিযুক্ত জাকিৰ মিঞা গ্ৰেপ্তাৰ

মানকাচৰত ড্ৰাগছ চক্ৰৰ মূল অভিযুক্ত জাকিৰ মিঞা গ্ৰেপ্তাৰ


৫৫ লাখ টকাৰ ইয়াবা কাণ্ডত আৰক্ষীৰ জালত তৃতীয় অভিযুক্ত, পূৰ্বে দেওবাৰে ধৰা পৰিছিল দুই সৰবৰাহকাৰী

ডিজিটেল ডেক্স, মানকাচৰঃ মানকাচৰ আৰক্ষীয়ে ৫৫ লাখ টকাৰ ইয়াবা কাণ্ডত জড়িত মূল অভিযুক্ত জাকিৰ মিঞা (৩৯)ক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সোধা-পোছাৰ অন্তত পূৰ্বে গ্ৰেপ্তাৰ হোৱা দুই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত এই গ্ৰেপ্তাৰ অভিযান চলোৱা হয়।

গ্ৰেপ্তাৰৰ পিছত আজি জাকিৰ মিঞাক হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয়। অধিক তদন্তৰ স্বাৰ্থত আদালতে তেওঁক এদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে। জাকিৰ মিঞা মানকাচৰ থানাৰ অধীনস্থ ডাকেৰগাঁৱৰ মোজাৰুল হকৰ পুত্ৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, জাকিৰ মিঞাই ১১ হাজাৰটা ইয়াবা নামৰ নিচাজাতীয় টেবলেট, যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫৫ লাখ টকা, পূৰ্বে গ্ৰেপ্তাৰ হোৱা এক্ৰামূল হক আৰু আবু ছামাক বাংলাদেশলৈ সৰবৰাহৰ উদ্দেশ্যে প্ৰেৰণ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাৰ বেৰৰ ওপৰেৰে এই নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল।

উল্লেখযোগ্য যে, যোৱা দেওবাৰ নিশা মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী কাকৰিপাৰা এলেকাত ১৮৩ নং বেটেলিয়ন বিএছএফ আৰু মানকাচৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই এক্ৰামূল হক আৰু আবু ছামাক ১১ হাজাৰটা ইয়াবা টেবলেটসহ আটক কৰে। পিছত দুয়োকে গ্ৰেপ্তাৰ কৰি কালি হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয়। আদালতে অধিক তদন্তৰ বাবে দুয়োকে তিনি দিনৰ বাবে মানকাচৰ আৰক্ষীৰ জিম্মাত দিয়ে।

সীমান্তত টহলধাৰী বিএছএফ আৰু আৰক্ষীৰ তৎপৰতাৰ ফলতেই সৰবৰাহৰ পূৰ্বেই ড্ৰাগছখিনি জব্দ কৰা সম্ভৱ হয়। পিছত ধৃত দুজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে মূল অভিযুক্ত জাকিৰ মিঞাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান আৰক্ষীয়ে জাকিৰ মিঞাৰ সৈতে মানকাচৰত আৰু কোন কোন ব্যক্তি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছে সেই সন্দৰ্ভতো তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছে। সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ চক্ৰ সম্পূৰ্ণৰূপে উৎখাত কৰাৰ লক্ষ্যৰে অভিযান অধিক তীব্ৰতৰ কৰা হৈছে বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments