Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কালাপানীত ৬৫ লাখ টকীয়া বিদ্যালয় গৃহ নিৰ্মাণৰ কামৰ শুভ উদ্ধোধন

মানকাচৰৰ কালাপানীত ৬৫ লাখ টকীয়া বিদ্যালয় গৃহ নিৰ্মাণৰ কামৰ শুভ উদ্ধোধন

মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আজি কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন গৃহ নিৰ্মাণৰ বাবে প্ৰায় ৬৫ লাখ টকাৰ কামৰ শুভ উদ্ধোধন কৰে। এই শুভ উদ্ধোধনী অনুষ্ঠানত বিধায়ক আমিনুল ইছলামৰ উপৰিও জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। চকী, মেজ আৰু ডেক্স-বেঞ্চৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈছে বিদ্যালয়খন । বৃহত্তৰ কালাপানী অঞ্চলক সামৰি স্থাপন হোৱা এই উচ্চতৰ মাধ্যমিক বিদ্যালয় খনৰ সমস্যা সমূহৰ বিষয়ে বিধায়ক গৰাকী আজি ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় কতৃপক্ষৰ পৰা অৱগত হয়।  অনাগত দিনত জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি বিদ্যালয় খন উন্নত কৰাৰ  প্ৰতি বিধায়ক গৰাকীয়ে গুৰুত্ব প্ৰদান কৰিব বুলি বিদ্যালয় কতৃপক্ষক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments