Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ ঝাউডাঙাত ৭০ বছৰীয়া বৃদ্ধ মহিলা নিখোজ

মানকাচৰৰ ঝাউডাঙাত ৭০ বছৰীয়া বৃদ্ধ মহিলা নিখোজ

মানকাচৰৰ ঝাউডাঙাৰ পৰা এগৰাকী ৭০ বছৰীয়া বৃদ্ধ মহিলা বিগত তিনি দিন ধৰি নিৰুদ্দেশ হৈ আছে। জহুৰা বেওঁৱা নামৰ এই গৰাকী মহিলা তিনিদিন পূৰ্বে ঘৰৰ পৰা ওলাই যোৱাৰ পাচৰে পৰা নিখোজ হৈ আছে। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত সোধ-পোছ কৰাৰ পাচতো বিগত তিনি দিনত মহিলা গৰাকীৰ সন্ধান উলিওৱা নাই। ঘটনাক লৈ কালি পৰিয়ালৰ লোকে মানকাচৰ থানাত এটি জাননি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীক প্ৰত্যক্ষ কৰিলে মানকাচৰ থানাৰ সৈতে যোগাযোগ কৰিবলৈ এম নিউজৰ পৰা আহ্বান থাকিল।   

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments