Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ হাতীৰচৰত ২০ বস্তা চোৰাং চেনী সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মানকাচৰৰ হাতীৰচৰত ২০ বস্তা চোৰাং চেনী সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ হাতীৰচৰত আজি পুৱতি নিশা ৪৯ নং বেটেলিয়ান বিএছএফে ২০ বস্তা চোৰাং চেনী সহ এজন সৰবৰাহকাৰীক কৰায়ত্ব কৰি সুখচৰ থানাত গতাই দিছে।

উল্লেখযোগ্য যে জিলাখনৰ বাংলাদেশ সীমান্তয়েদি চেনীৰ চোৰাং কাৰবাৰ ভয়াবহ ভাবে বৃদ্ধি পাইছে। পশুধনৰ সমান্তৰাল ভাবে প্ৰতিদিনে শ শ কুইণ্টল চেনী বাংলাদেশলৈ সৰবৰাহ হৈ অহা পৰিলক্ষিত হৈছে। আজি পুৱতি নিশা চৰ তথা নদী সীমান্তত বিএছএফে টহল দি থকা অৱস্থাত সৰবৰাহকাৰী এজনে নদী পথেৰে ২০ বস্তা চেনী বাংলাদেশলৈ চোৰাং ভাবে সৰবৰাহ কৰিবলৈ ধৰে। তেনে সময়ত টহলধাৰী জোৱান সৰবৰাহকাৰীজনক কৰায়ত্ব কৰাৰ লগতে নদীৰ পৰা ২০ বস্তা চেনী উদ্ধাৰ কৰি জব্দ কৰে। ধৃত সৰবৰাহকাৰী জনক জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ ছালাপাৰা গাঁৱৰ আব্দুল হামিদৰ পুত্ৰ আব্দুল ৰছিদ (৩৩) বুলি চিনাক্ত কৰা হৈছে। জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ সুখচৰ গাওঁৰ কাচ্চু নামৰ এগৰাকী চোৰাং চেনী ব্যৱসায়ীৰ পৰা চেনী খিনি সৰবৰাহৰ বাবে নিছিল সৰবৰাহকাৰী জন। চেনী খিনি বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ আলীপুৰ থানা এলেকাৰ অধীনস্থ নাজিৰ চৰৰ আছাদুল আলীৰ ওচৰত সৰবৰাহ কৰাৰ কথা আছিল। বিনিময়ত কাচ্চুয়ে সৰবৰাহকাৰী আব্দুল ৰছিদক ৭ হেজাৰ টকা আদায় দিব বুলি প্ৰলোভন দিছিল। ফলত তেওঁ চেনী খিনি লৈ বাংলাদেশলৈ গৈ থকা অৱস্থাত বিএছএফে কৰায়ত্ব কৰিছে। ইতিমধ্যে বিএছএফে চেনী সৰবৰাহকাৰীটোক সুখচৰ থানাত গতাই দিয়াত আৰক্ষীয়ে সৰবৰাহকাৰীজনক সোধ-পোছ কৰি গ্ৰেপ্তাৰ কৰিছে। কাইলৈ হাটশিঙিমাৰী জিলা আদালতত তেঁওক হাজিৰ কৰা হব বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে, সুখচৰ, হাজিৰহাট, গোটাবাৰী এলেকাত বহু লোক পশুধনৰ সমান্তৰাল ভাবে চেনী সৰবৰাহৰ ব্যৱসায়ত জৰিত হৈ পৰিছে। ভাৰতীয় বজাৰ মূল্যতকৈ বাংলাদেশৰ বজাৰত চেনীৰ মূল্য তিনিগুন বেছি বুলি জানিব পৰা গৈছে। ফলস্বৰূপে পশুধনৰ সমান্তৰাল ভাবে চেনী সৰবৰাহৰ ঘটনা জিলাখনত ব্যাপক হাৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments