Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত কাইলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । আৰুণোদয়ত জালিয়াতিৰ অভিযোগ

হাটশিঙিমাৰীত কাইলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । আৰুণোদয়ত জালিয়াতিৰ অভিযোগ

অসম চৰকাৰৰ অৰুণোদয় ২.০ আচনিৰ অধীনত থকা হিতাধিকাৰী সকলক কাইলৈ ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় কাৰ্ড বিতৰণ কৰা হব। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কাইলৈ পুৱা ১১ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৬ সহস্ৰাধিক অৰুণোদয় হিতাধিকাৰীক এই অৰুণোদয় কাৰ্ড বিতৰণ কৰিব। আৰুণোদয় ২.০ আচনিৰ অধীনত অবিভক্ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ, ফেকামাৰী, দক্ষিণ শালমাৰা আৰু বিৰসীং-জৰুৱা উন্নয়ন খণ্ডৰ অধীনত মুঠ প্ৰায় ১২ হেজাৰ ৫০০ হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত হৈছে। ইয়াৰে কাইলৈ মন্ত্ৰী জনন্ত মল্ল বৰুৱাই ৬ সহস্ৰাধিক হিতাধিকাৰীক এই অৰুণোদয় কাৰ্ড বিতৰণ কৰাৰ লগতে বাকী হিতাধিকাৰী সকলক খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা বিডিঅই বিতৰণ কৰিব বুলি জানিব পৰা গৈছে।

ইফালে এই কাৰ্ড বিতৰণ কাৰ্যসূচীৰ প্ৰাকক্ষণত জিলা খনত অৰুণোদয় আচনিৰ হিতাধিকাৰী বাচনিত জালিয়াতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ ঠাকুৰাণবাৰী গাওঁ পঞ্চায়তত হিতাধিকাৰী বাচনিত জালিয়াতি হোৱাৰ অভিযোগ তুলিছে স্বয়ং পঞ্চায়তৰ প্ৰতিনিধিয়ে। পঞ্চায়ত খনত এগৰাকী গাওঁ প্ৰধানৰ পত্নীৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট হোৱাৰ অভিযোগ উত্থাপন উত্থাপন হৈছে । একেদৰে প্ৰকৃত হিতাধিকাৰী নাম বাদ পেলাই ধনী শ্ৰেনীৰ লোকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তৰ ফালৰ পৰা ১৭৭ গৰাকী হিতাধিকাৰীক বাচনি কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা কৰা হৈছিল। কিন্তু ৰহস্যজনক বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ১৭৭ গৰাকী হিতাধিকাৰীৰ ঠাইত ১৯৫ গৰাকী হিতাধিকাৰীৰ নাম নিৰ্বাচিত হৈ আহিছে। উক্ত হিতাধিকাৰীৰ তালিকাত বহু প্ৰকৃত হিতাধিকাৰীৰ নাম বাদ পৰাৰ লগতে ধনী শ্ৰেনীৰ লোকৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি পঞ্চায়ত খনৰ সচিব জনেও কেমেৰাৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে। কেবল এই পঞ্চায়ত খনতেই নহয়, জিলাখনৰ আৰু একাংশ পঞ্চায়তত এনে জালিয়াতি হোৱা বুলি অভিযোগ পোৱা গৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কোনজন বিষয়াই কাৰ সৈতে গোপন বুজাবুজি কৰি হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে তাক লৈ ভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। বিষয়টো জিলা প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ অৰুণোদয়ৰ দায়িত্বত থকা বিষয়া-কৰ্মাচাৰীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে জিলাখনৰ দল-সংগঠনে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments