Saturday, September 20, 2025
Google search engine
গৃহস্থানীয়মানকাচৰৰ সোনাপুৰত পথ দূৰ্ঘটনা । থিতাতে নিহত মহিলা

মানকাচৰৰ সোনাপুৰত পথ দূৰ্ঘটনা । থিতাতে নিহত মহিলা

মানকাচৰ থানা এলেকাৰ অধীনস্থ সোনাপুৰত আজি দিনৰ প্ৰায় ১২ বজাত ডাম্পাৰ এখনৰ খুন্দাত এগৰাকী মহিলা থিতাতে নিহত হৈছে।

প্ৰাপ্ত বাতৰি মতে, মল্লিকা খাতুন নামৰ প্ৰায় ৫৫ বছৰীয়া মহিলা গৰাকী স্বামীৰ মটৰ চাইকেলেৰ জিলাৰ সদৰ হাটশিঙীমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত পুখুৰী সদৃশ বিধস্ত পথত মটৰ চাইকেলৰ পৰা বাগৰি পৰে। ইফালে পিছফালৰ পৰা অহা AS 16 AC 4685 নম্বৰৰ ডাম্পৰ গাড়ী খনে মহিলাগৰাকীক  মহতিয়াই নিয়াৰ ফলত মহিলা গৰাকী থিতাতে নিহত হয়৷ মানকাচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্বাৰ কৰাৰ লগতে ডাম্পাৰ খন জব্দ কৰিছে৷ মহিলাৰ গৰাকী মানকাচৰ থানাৰ অন্তৰ্গত ৰাঙ্গাপানী গাওঁৰ ছাবেদ আলীৰ পত্নী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে নিহত মহিলাগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments