Friday, July 26, 2024
Google search engine
গৃহঅৰ্থনীতিমানকাচৰত মাৰাপাটৰ খেতি ! কিদৰে লাভাম্বিত হয় কৃষক-ব্যৱসায়ী ?

মানকাচৰত মাৰাপাটৰ খেতি ! কিদৰে লাভাম্বিত হয় কৃষক-ব্যৱসায়ী ?

মৰাপাটৰ ! অসমৰ বিভিন্ন আঁহজাতীয় শস্যৰ ভিতৰত মৰাপাটেই প্ৰধান। আমাৰ ৰাজ্যত আঁহজাতীয় শস্যৰ খেতি কৰা মুঠ কৃষিভুমিৰ সিংহভাগেই হৈছে মৰাপাট। এক তথ্য অনুসৰি অসমত প্ৰায় ৫৮০০০  হেক্টৰ কৃষিভুমিত মৰাপাটৰ খেতি কৰা হয়।  আমাৰ ৰাজ্যত বছৰি প্ৰায় ৫৫,৯০০ টন মৰাপাট উৎপাদন হয়। এইবিধ শস্য কেৱল জাতীয় অৰ্থনীতিতে নহয়, দেশৰ অৰ্থনীতিতো যথেষ্ট পৰিমানে বৰঙণি যোগান ধৰি আহিছে। আমাৰ দেশত মৰাপাটৰ মুঠ উৎপাদনৰ শতকৰা প্ৰায় ৮২ ভাগ মৰাপাট বিভিন্ন কল-কাৰষাণাত ব্যৱহাৰ কৰা হয় । আনহাতে শতকৰা প্ৰায় ৮ শতাংশ মৰাপাট গ্ৰাহকৰ হাতত উপলব্ধ থকাৰ লগতে বাকী অংশ খিনি ইউৰোপ তথা আমেৰিকা মহাদেশলৈ ৰপ্তানি কৰা হয়। মৰাপাটেৰে আমাৰ দেশত কাপোৰ, বেগ, কাৰ্পেট, পৰ্দা, কম্বল, ৰছী আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। মৰাপাটৰ আঁহ নিষ্কাশনৰ পাছত ওলোৱা ঠাৰিবোৰক প্ৰজ্বলক হিচাপে ব্যৱহাৰ কৰা হয়। একেদৰে এই ঠাৰিবোৰক কাৰ্বনজাতীয় সামগ্ৰী আৰু কাগজ তথা ফলি অৰ্থাত বোৰ্ড প্ৰস্তুতকৰণতো ব্যৱহাৰ কৰা হয়। অসমত মৰাপাটৰ কুমলীয়া পাত আৰু পুলিবোৰ শাক হিচাপেও মানুহে ব্যৱহাৰ কৰে। আনহাতে মৰাপাটৰ কুমলীয়া পাতবোৰ গাঠি বান্ধি কঠালৰ গুটিৰ লগত মিলাই নালি পাত নামৰ আঞ্জা প্ৰস্তুত কৰি মানুহে আহাৰ হিচাপে ব্যৱহাৰ কৰে। একেদৰে কুমলীয়া পাত ৰদত শুকোৱাৰ পাথত পানীত তিতাই পানীখিনি খালে বিভিন্ন বেমাৰৰ পৰা নিৰাময় পোৱা যায়।

কেৱল দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বছৰি প্ৰায় ১৭০০ হেক্টৰ ভূমিত মৰাপাটৰ খেতি কৰা হয়। জিলাখনত এক হেক্টৰ ভূমিত প্ৰায় ২৬ কুইণ্টল মৰাপট উৎপন্ন হোৱাত বছৰি জিলাখনৰ পৰা প্ৰায় ৪৫ হেজাৰ কুইণ্টল মৰাপাট উৎপাদন হয়। হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ অধীনত জিলাখনত মুঠ ৫ টা চাৰ্কেল অৰ্থাত চক্ৰ আছে। চাৰ্কেট কেইটা ক্ৰমে মানকাচৰ, ঝাউডাঙা, শিঙিমাৰী, হাজিৰহাট আৰু দক্ষিণ শালমাৰা। এই চাৰ্কেটল কেইটাৰ ভিতৰত শিঙিমাৰী এলেকাত প্ৰায় ৬৭০ হেক্টৰ ভূমিত মৰাপাটাৰ খেতি কৰা হয়। একেদৰে দক্ষিণ শালমাৰাত প্ৰায় ৪০০ হেক্টৰ, ঝাউডাঙা এলেকাত প্ৰায় ৩০০ হেক্টৰ, হাজিৰহাট এলেকাত প্ৰায় ২৫০ হেক্টৰ আৰু মানকাচৰত প্ৰায় ৮০ হেক্টৰ ভূমিত মৰাপাটৰ খেতি কৰা হয়।

এই ১৭০০ হেক্টৰ মৰাপাট খেতিৰ ভিতৰত প্ৰায় ৭০ শতাংশ এলেকাই প্ৰতি বছৰে বানপানীৰ কবলত পৰে । ফলত প্ৰতিবছৰে প্ৰায় ৪০০ হেক্টৰ মৰাপাট খেতি নষ্ট হৈ পৰে। শেহতীয়াকৈ এইবেলি বানৰ ফলত ৩৯১ বিঘা মৰাপাট খেতি নষ্ট হৈছে বুলি জিলা কৃষি বিভাগে এক তথ্য সদৰি কৰিছে।

সাধাৰণতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত তিনি প্ৰকাৰৰ উন্নত জাতৰ মৰাপাট খেতি কৰা হয়। জাত কেইটা হৈছে-তৰুণ, জে আৰ ও ৫২৪ (JRO524) আৰু চি ও ৫৮ (CO-58)। মৰাপাট খেতি কৰিবলৈ কৃষকক জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা বীজ, বায়ো পাউডাৰ আদি যোগান ধৰা হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত এই খেতি আৰম্ভ কৰা হয়। মৰাপাট পুৰঠ হ’বলৈ প্ৰায় ৪ মাহ সময় লাগে। অৱশ্যে সঠিক উৎপাদন আৰু উন্নত গুণাগুণৰ আঁহ যাবলৈ শস্য ছেঁই ধৰিব ধৰা অৱস্থাতে চপাব লাগে। যিবিলাক পথাৰত মৰাপাটৰ পাছত শালিধানৰ খেতি কৰা হয় তেনেবোৰ কৃষিভুমিত শালিধানৰ বাবে সময়মতে মাটি চহ কৰিবলৈ মৰাপাটৰ খেতিডৰা আনকি ১০০ ৰ পৰা ১২০ দিনৰ ভিতৰতো চপাব পাৰি। শস্য চপাবৰ সময়ত গছবোৰ গুৰিতে কাটি মুঠা বান্ধি পথাৰতে থিয় থিয়কৈ ৩/৪ দিন ৰাখি পাতবোৰ সৰি যাবলৈ দিয়া হয়। ইয়াৰ পাছত মৰাপাট সমূহ গেৰোবাৰ বাবে পানীত প্ৰায় দুই-তিনি সপ্তাহ ৰখা হয়। গেৰ লোৱা পাতবোৰ ঠাৰিৰ পৰা এডাল এডালকৈ পৃথক কৰি লৈ পৰিষ্কাৰ পানীত ভালদৰে ধোৱাৰ পাছত পাছত বাঁহৰ ডাঁৰ বান্ধি কোমল ৰ’দত ২/৪ দিন মেলি দি শুকাই দিয়া হয়। ইয়াৰ পাছত কৃষকে স্থানীয় সপ্তাহিক বজাৰ সমূহত মৰাপাটৰ পৰা উৎপাদন হোৱা আঁহ বিক্ৰী কৰি দিয়ে। কৃষক সকলে পাইকাৰী বজাৰত প্ৰতি কুইণ্টল মৰাপাটৰ আঁহ প্ৰায় ৭০০০ টকাত বিক্ৰী কৰে। পাইকাৰী অৰ্থাত ব্যৱসায়ী সকলে স্থানীয় সপ্তাহিক বজাৰত কৃষক সকলৰ পৰা খুচৰা হিচাপে মৰাপাটৰ আঁহ ক্ৰয় সাধাৰণে মহৰ গাড়ী ভৰ্তি কৰি ব্ৰহ্মপুত্ৰ নদীত পাৰাপাৰ কৰিবলৈ যন্ত্ৰ চালিত নাও ব্যৱহাৰ কৰা হয়। এখকৈ নাওঁত প্ৰায় ১২০ কুইণ্টলৰ পৰা ১৬০ কুইণ্টল মৰাপাট ভৰ্তি কৰি ধুবুৰীৰ গৌৰীপুৰলৈ নিয়াৰ পাছত জেচিআই অৰ্থাত জুট কৰ্পাৰেশ্বন অফ ইণ্ডিয়াৰ ওচৰত ব্যৱসায়ী সকলে বিক্ৰী কৰে। মৰাপাটৰ খেতি কৰি কৃষক সকল ভালে খিনি লাভাম্বিত হোৱাৰ লগতে ব্যৱসায়ী সকলে জেচিআইৰ ওচৰত বিক্ৰী কৰি মুফালা লাভ কৰে।

লক্ষণীয় যে একাংশ মৰাপাটৰ কৃষকে নিজৰ ভূমিতে বীজ উৎপাদন কৰে। বহু সময়ত কৃষকে উন্নত মানৰ বীজ সময়মতে নোপোৱাৰ ফলত বজাৰত সহজতে পোৱা বীজৰ দ্বাৰাই  খেতি কৰিবলৈ বাধ্য হয় অথবা খেতি কৰিবলৈ অসমৰ্থ হয়। সেই বাবেই নিজৰ ভূমিতে বীজ উৎপাদন কৰি সেই বীজেৰে খেতি কৰে। বীজ উৎপাদনৰ বাবে প্ৰায় ৬-৭ মাহ সময় লাগে। সাধাৰণ ভাবে ১২০ দিনৰ ভিতৰত মৰাপাট চপোৱা হয় যদিও বীজ উৎপাদনৰ ক্ষেত্ৰত কৃষকে প্ৰায় ১৮০-২১০ দিন সময় লাগে। প্ৰতি বিঘা ভূমিত প্ৰায় ১ কুইণ্টল বীজ উৎপাদন হয়। ১ কুইণ্টল বীজৰ বজাৰমুল্য প্ৰায় ১৫ হেজাৰ টকা। অৱস্য বীজ উৎপাদন কৰা মৰাপাট পানীত গেৰোবাৰ বাবে ৰখা হলেও তাৰ পৰা কেৱল শক্তিশালী ঠাৰিহে পোৱা যায়। কিন্তু ঠাৰিৰ পৰা ওলোৱা মৰাপাটৰ আঁহ খিনি বজাৰত বিক্ৰীৰ বাবে উপযোগী নহয় যদিও কৃষকে এই আঁহৰ দ্বাৰা ঘৰুৱা ভাবে ৰচী বনোৱা কাম ব্যৱহাৰ কৰিব পাৰে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments