Friday, October 25, 2024
Google search engine
গৃহঅৰ্থনীতিমানকাচৰত মাত্ৰ ৩০০ টকা কেজিত ইলিচ মাছ

মানকাচৰত মাত্ৰ ৩০০ টকা কেজিত ইলিচ মাছ

ডিজিটেল ডেক্স, মানকাচৰঃ- মাত্ৰ তিনিশ টকা দৰত  বাংলাদেশৰ পদ্দা নদীৰ ইলিচেৰে ভৰিছে নামনি অসমৰ প্ৰায়বোৰ বজাৰ। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰত এতিয়া ইলিচ মাছৰ উজান উঠিছে। প্ৰতি বছৰে বান আৰু দুৰ্গাপূজাৰ পাচতেই বিশেষকৈ অক্টোবৰ পৰা নবেম্বৰ মাহত প্ৰায় ১৫ দিনলৈ বাংলাদেশৰ পদ্দা নদীৰ পৰা ব্ৰহ্মপুত্ৰৰে উজাই আহে ইলিচ মাছৰ জাক। অসমৰ বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰীৰ পৰা শদীয়ালৈ এই সময়ছোৱাত দেখা যায় ইলিচ মাছৰ উজান। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰী জিলাৰ চৰ এলেকা সমূহত থকা নদীৰ পাৰে পাৰে মাছৰ পাইকাৰৰ যথেষ্ট ভীৰ হোৱা পৰীলক্ষীত হয়। পাইকাৰী সকলে নদী ঘাটত মাছমৰীয়া সকলৰ পৰা আকাৰে হিচাপে ২০০-২৫০ টকাৰ পৰা ৬০০-৭০০ প্ৰতিকেজি দৰত ইলিচ মাচ ক্ৰয় কৰি অধিক লাভত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰেৰণ কৰে। ইফালে চৰ এলেকাৰ বজাৰ সমূহতো সাধাৰণ গ্ৰহকৰ যথেষ্ট ভিৰ হয় । অত্যাধিক দামত পাচলি ক্ৰয় কৰাতকৈ সুস্বাদু ইলিচ মাচ কম দামত ক্ৰয় কৰে গ্ৰাহক সকলে। হাটশিঙিমাৰীৰ লগতে হাজিৰহাটৰ  মাছবজাৰত বৰ্তমানে ৩০০ টকাত উপলব্ধ ইলিচ মাছ ।  সৰু আকাৰৰ মাছ ৩০০ টকা কেজিত বিক্ৰী হোৱাৰ লগতে ৪০০-৫০০ টকা দৰত বিক্ৰীয় হয় আধা কেজি ওজনৰ ইলিচ । একেদৰে ১ কেজি ওজনৰ ইলিচ মাছ বজাৰখনত ৮০০-১০০০ টকা দৰত বিক্ৰী হবলৈ ধৰিছে। সাধাৰণতে বজাৰত ইলিচ মাছ কিনিবলৈ হলে ১২০০-১৮০০ টকা কেজিত কিনিব লাগে। কিন্তু প্ৰতিবছৰে বিশেষকৈ অক্টোবৰ মাহত এই অঞ্চলত ইলিচ মাছৰ উজান উঠাত গ্ৰাহক সকলে কম দামত ক্ৰয় কৰিব পাৰে। হাজিৰহাট এলেকাৰ একাংশ গ্ৰাহকে আমাৰ আগত দাবী কৰা মতে, বৰ্তমানে অধিক দামত শাক-পাচলি ক্ৰয় কৰাতকৈ ৩০০ টকা কেজিত ইলিচ মাছ ক্ৰয় কৰাটো লাভজনক । ফলস্বৰূপে কম টকাত সুস্বাধু ইলিচ মাছ এতিয়া প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে উপলব্ধ হৈ পৰিছে।

ইফালে কেৱল বজাৰতেই গ্ৰাহকৰ ভীৰ নহয়, ব্ৰহ্মপুত্ৰত এতিয়া মাছধৰা সকলৰ মাজতো বৃদ্ধি পাইছে চৰম ব্যস্ততা। এখনকৈ নাওত দুজনকৈ মাছমৰীয়া জাল লৈ ইলিচ ধৰিবলৈ ব্ৰহ্মপুত্ৰত শ শ মাছমৰীয়া এতিয়া পুৱাৰ পৰা আবেলিলৈ ব্যস্ত হৈ পৰে। একাংশ স্থানত উৰে নিশা ব্ৰহ্মপুত্ৰত মাছ ধৰি পুৱা মাছৰ পাইকাৰৰ ওৰচত বিক্ৰী কৰে । কোনোবা মাছমৰিয়াই যদি দিনটোত ৫ কেজি ইলিচ মাছ ধৰিবলৈ সক্ষম হয়, কোনোবা জনে আকৌ ১০-১৫ কেজিলৈ ইলিচ মাছ ধৰি পাইকাৰৰ ওচৰত বিক্ৰী কৰে । আন আন বছৰৰ তুলনাত এইবাৰ মাছৰ দাম অলপ কম হোৱাৰ বাবে বজাৰত মাছৰ চাহিদা বৃদ্ধি পাই বজাৰ সমূহত সাধাৰণ গ্ৰাহকৰ ভিৰত যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে। মুঠৰ ওপৰত কম দামত অৰ্থাত দুই-তিনিশ টকা দৰত ইলিচ মাছ খাবলৈ হলে এতিয়া আপুনি দক্ষিণ শালমাৰা-মানকাচৰলৈ আহিব লাগিব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments