ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ- গোমাতা সুৰক্ষাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে যিমানেই কঠোৰ আইন প্ৰনয়ন কৰা বুলি দম্ভালি নামাৰক কিয় ধূৰন্ধৰ গোমাফিয়াই সৰবৰাহকাৰীৰ সহযোগত মানকাচৰ-বাংলাদেশ সীমান্তয়েদি অব্যাহত ৰাখিছে পশুধনৰ চোৰাং কাৰবাৰ। বিশেষকৈ মানকাচৰৰ নদী সীমান্তয়েদি প্ৰতিনিশা শ শ চোৰাং পশুধন বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে। বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশৰ নদী সীমান্তৰ বাণ্ডল চৰত ৪৫ নং শিশুমাৰা বিএছএফে ৭ টা চোৰাং গৰু সহ দুই সৰবৰাহকাৰীক কৰায়ত্ব কৰে। সৰবৰাহকাৰীদুটাই গৰু কেইটা নদী পথেৰে বাংলাদেশলৈ নি থকা অৱস্থা বিএছএফে যন্ত্ৰচালিত নাওঁৰে চাৰিওপিনে ঘেৰি গৰু কেইটা উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰী দুটাক কৰায়ত্ব কৰে। ধৃত সৰবৰাহকাৰী দুটাক দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ কোকৰাডাঙা গাঁৱৰ পাৰান উদ্দীন সেখৰ পুত্ৰ বাবলু সেখ (২৪) আৰু সুখচৰ থানা এলেকাৰ অধীনস্থ শান্তিপুৰ গাঁৱৰ সহিছ আলীৰ পুত্ৰ আহেদ আলী (২৭) বুলি চিনাক্ত কৰা হৈছে। শিশুমাৰা বিএছএফে চোৰাং গৰু কেইটা সহ সৰবৰাহকাৰীদুটাক খাৰুৱাবান্ধা আৰক্ষী চকীত গতাই দিয়াত আৰক্ষীয়ে দুয়োক গ্ৰেপ্তাৰ কৰি আহি দূপৰীয়াৰ ভাগত হাটশিঙিমাৰী আদালতত হাজিৰ কৰে। আদালতে সৰবৰাহকাৰীদুটাক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
লক্ষণীয় যে, জিলাখনত একাংশ গোমাফিয়াই সৰবৰাহকাৰীৰ সহযোগত বাংলাদেশত পশুধন সৰবৰাহ কৰি আহিছে। বাংলাদেশত গৰু সৰবৰাহ কৰিবলৈ গৈ বিএছএফৰ হাতত সৰবৰাহকাৰী কৰায়ত্ব হৈ জেললৈ গলেও দীৰ্ঘদিনে জিলাখনত আৰক্ষীয়ে চোৰাং কাৰবাৰ চলাই নিয়া গোমাফিয়া কিন্তু কৰায়ত্ব কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আহিছে। সময়তে সময়তে আৰক্ষীৰ বিৰুদ্ধেও চোৰাং কাৰবাৰত জৰিত হৈ পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। মুঠৰ ওপৰত জিলাখনত বাংলাদেশত পশুধনৰ চোৰাং কাৰবাৰৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকৈ অতিকৈ ৰহস্যজনক।