Saturday, July 20, 2024
Google search engine
গৃহবিশেষ প্ৰতিবেদনঅৱশেষত আৰম্ভ হ'ল হাটশিঙিমাৰী-মানকাচৰ পথ মেৰামতিৰ কাম

অৱশেষত আৰম্ভ হ’ল হাটশিঙিমাৰী-মানকাচৰ পথ মেৰামতিৰ কাম

হাটশিঙিমাৰীৰ পৰা সেখ জেছমিনাৰা পাৰভিনৰ প্ৰতিবেদনঃ- আছু, তৃণমূল কংগ্ৰেছ, SUCI কে ধৰি হাটশিঙিমাৰীৰ একাংশ দল সংগঠন আৰু স্থানীয় ৰাইজে চৰকাৰ, জিলা প্ৰশাসন তথা ৰাজ্যপালক বাৰে বাৰে দাবী উত্থাপন কৰি অহাৰ পাচত অৱশেষত ৰাজ্যপালৰ এক নিৰ্দেশ মতে হাটশিঙিমাৰী-মানকাচৰ সংযোগী গড়কপ্তানী পথটো মেৰামতিৰ বাবে ৩ কোটি ১৪ লাখ টকা আৱণ্টন দিয়া হৈছে। ইতিমধ্যে যোৱা চাৰিদিন পূৰ্বে এইছ-এম পথ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে। হাটশিঙিমাৰীৰ পৰা মানকাচৰলৈ প্ৰায় ২২ কিলোমিটাৰ গড়কপ্তানী পথটো দীৰ্ঘদিনে বিধস্ত হৈ থকাৰ ফলত জিলাবাসী অতি কষ্টৰ মাজেৰে যাতায়ত কৰিবলগীয়া হয়। বিশেষকৈ হাটশিঙিমাৰীৰ পৰা দিয়াৰা বজাৰলৈ পথটোৰ প্ৰায় ৯০ শতাংশ দ-খালত পৰিনত হৈছে। বৰষুণ হলে দ-খালত পানী জমা হৈ পথটো পুখুৰী সদৃশ হৈ পৰাৰ লগতে ৰদ উঠিলে ধূলিকনাৰ সৃষ্টি হৈ জিলাবাসী প্ৰতিদিনে ধূলিৰ মাজত চলাচল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ জিলাৰ সদৰত প্ৰতিদিনে হেজাৰ হেজাৰ লোক স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়, বজাৰ আদিলৈ যাতায়ত কৰাৰ ধূলিৰ সম্মুখীন হবলগীয়া হয়। প্ৰতিদিনে এনে ধূলিৰ মাজত ৰাইজে চলাচল কৰাত জিলাখনৰ অধিকাংশ লোক বিভিন্ন জটিল বেমাৰত আক্ৰান্ত হবলৈ ধৰিছে। এনে পৰিস্থিতিৰ মাজত পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰাত ৰাইজে কিছু পৰিমানে সন্তষ্টি লাভ কৰা পৰিলক্ষিত হৈছে। পথটো সঠিক বাবে মেৰামতি হলে হাটশিঙিমাৰীৰ পৰা মানকাচৰলৈ জিলাবাসী কম সময়ৰ ভিতৰত যাতায়ত কৰিব পাৰিব। বৰ্তমানে পথটো পুখুৰী সদৃশ হৈ থকাৰ বাবে ২২  কিলোমিটাৰৰ পথটো যাতায়ত কৰোতে প্ৰায় ডেৰ ঘণ্টা সময় লাগে। ইফালে জিলাবাসীৰ লাইফ লাইন সৃদৃশ পথটো চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবেও বিভিন্ন দল সংগঠনে দীৰ্ঘ দিনৰ পৰা দাবী উত্থাপন কৰি আহিছে। ৰাইজৰ এনে দাবীৰ চৰকাৰে অনাগত দিনত কেনে সহাৰি দিয়ে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments