Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত আৰক্ষী প্ৰশাসনৰ উদ্ধোগত ইৰিক্সা চালকৰ মাজত পথ সুৰক্ষা আইনৰ সজাগতা

মানকাচৰত আৰক্ষী প্ৰশাসনৰ উদ্ধোগত ইৰিক্সা চালকৰ মাজত পথ সুৰক্ষা আইনৰ সজাগতা

মানকাচৰ জেএম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি দূপৰীয়া প্ৰায় ১২ বজাত মানকাচৰ আৰক্ষীয়ে শতাধিক ইৰিক্সা চালকক লৈ পৰিবহন বিভাগৰ আইন সম্পৰ্কে সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ অধীনত ডেৰ সহস্ৰাধিক ইৰিক্সা প্ৰতিদিনে চলাচল কৰে। এই ইৰিক্সা সমূহ পৰিবহন বিভাগৰ নীতি নিৰ্দেশনা নমনাকৈ চলাচল কৰি থকাৰ ফলত মানকাচৰ চহৰত সময়ে সময়ে ব্যাপক যান-যটৰ সৃষ্টি হয়। ফলত সাধাৰণ জনতা বজাৰলৈ অহা-যোৱা কৰাত ভীষণ অসুবিধাৰ সম্মুখীন হয়।

অঞ্চলটোত অধিকাংশ ই-ৰিক্সাৰ পৰিবহন বিভাগৰ পৰা পঞ্জীয়ন নকৰাকৈ চলাই থকাৰ লগতে ১৮ বছৰৰ তলৰ যুৱক সকলে এইইৰিক্সা চালকৰ হিচাপে নিযোজিত হৈছে। কম বয়সীয়া যুৱকে ইৰিক্সাৰ চালক হোৱাৰ ফলত তেওঁলোক উপাৰ্জন কৰিবলৈ গৈ ইতিমধ্যে একাংশই বিদ্যালয় এৰিছে। তদুপৰি ইৰিক্সা অত্যাধিক হোৱাৰ ফলত পথ সুৰক্ষা আইন অমান্য কৰি একাংশই প্ৰতিযোগিতামূলক ভাবে ইৰিক্সা চলাই অহা পৰিলক্ষিত হৈছে। চহৰখনৰ ভিতৰত যধে-মধে পাৰ্কিং কৰাৰ দৰে ঘটনাও মানকাচৰত যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে। এনে বিষয়বোৰৰ প্ৰতি লক্ষ্য কৰি আজি হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষক হৰেণ টকবীৰ এক নিৰ্দেশ মতে মানকাচৰ আৰক্ষীয়ে ইৰিক্সা চালকক লৈ এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে। আজি দিনৰ প্ৰায় ১২ বজাত মানকাচৰ মাজমজিয়াত থকা জে.এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ইৰিক্সা চালক সকলক লৈ মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোৱাৰীয়ে পথ সুৰক্ষা আইনৰ ওপৰত এই সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰে। ইৰিক্সা চালক সকলে পথ সুৰক্ষা আইন মানি চলা, মানকাচৰ টাউনৰ ভিতৰত যধে-মধে পাৰ্কিং নকৰা, প্ৰতিখন ইৰিক্সা পৰিবহন বিভাগৰ জৰিয়তে পঞ্জীয়ন আৰু ইন্সুৰেঞ্চ কৰা আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। একেদৰে বাহন চলোৱাৰ অনুজ্ঞাপুত্ৰ অভিহনে আৰু ১৮ বছৰৰ তলৰ কোনো যুৱকে যাতে ই-ৰিক্সাৰ চালক হিচাপে নিয়োজিত নহয় তাৰ প্ৰতি সকলোয়ে গুৰুত্ব দিবলৈ মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে আহ্বান জনায়। অনাগত দিনত কোনো ইৰিক্সা চালকে পথ সুৰক্ষা আইন নামানিলে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হব বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোৱাৰীয়ে জানিবলৈ দিছে।

লক্ষণীয় যে মানকাচৰ চহৰৰ দৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ উপৰিও সুখচৰ, বেপাৰীপাৰা, খাৰুৱাবান্ধা, ফেকামাৰী, মানুল্ল্যাপাৰা, কালাপানী, বাঘাপাৰা, দিয়াৰা, দক্ষিণ শালমাৰা, টুমনি, পাটাকাটা অঞ্চলত ১৮ বছৰৰ তলৰ যুৱকে ইৰিক্সা চলাই উপাৰ্জনৰ পথ বাছি লৈছে। বিদ্যালয় এৰি কম বয়সতে বহু লোক ইৰিক্সা চলাবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ মাজত অধিকাংশই পৰিবহন বিভাগৰ নীতি নিয়ম নজনাৰ লগতে কোনো অনুজ্ঞাপত্ৰ তেওঁলোক লাভ কৰা নাই। এনে ইৰিক্সা চালকৰ বিৰুদ্ধে আৰক্ষীয়ে পদক্ষেপ গ্ৰহন কৰিবনে ?

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments