Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ বেপাৰীপাৰাত সুখচৰ আৰক্ষীৰ অভিযান । ৫ জুৱাৰী আটক

হাটশিঙিমাৰীৰ বেপাৰীপাৰাত সুখচৰ আৰক্ষীৰ অভিযান । ৫ জুৱাৰী আটক

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত জুৱাৰী সকলে মোবাইল এপৰ জৰিয়তে জুৱা খেল চলাই থকাৰ বিপৰীতে আজি সুখচৰ আৰক্ষী বেপাৰীপাৰাত এক অভিযানৰ জৰিয়তে ৫ জুৱাৰীক আটক কৰিছে।

প্ৰাপ্ত বাতৰি মতে, সুখচৰ আৰক্ষীৰ দল এটা গোপন সুত্ৰৰ ভিত্তীত আজি দিনৰ প্ৰায় ১.৩০ বজাত বেপাৰীপাৰা বজাৰত অভিযান চলায়। বজাৰখনৰ দোকান এখনৰ কাষত ৫ জুৱাৰীয়ে মোবাইল এপৰ জৰিয়তে ডাবু খেলি থকা অৱস্থাত আৰক্ষীয়ে ৫ জনক কৰায়ত্ব কৰি তেওঁলোকৰ পৰা ৬ টা মোবাইল ফোন, জুৱাৰ সামগ্ৰী আৰু নগদ ৪৫৭০ টকা জব্দ কৰিছে। ধৃত জুৱাৰী কেইজনক সুখচৰ থানা এলেকাৰ অধীনস্থ দেঁওৱানেৰ আলগা প্ৰথম খণ্ড গাঁৱৰ উমেদ আলী মিৰ্জাৰ পুত্ৰ সাহা আলম মিৰ্জা (৩০), মোকছেদ মোল্লাৰ পুত্ৰ জহিৰুল ইছলাম (২৪), ৬০ বিঘা চৰৰ জমছেৰৰ পুত্ৰ ৰহিম আলী (৪৮), সুখচৰ প্ৰথম খণ্ড গাঁৱৰ আব্দুল কাদেৰ মণ্ডলৰ পুত্ৰ চান্দ মিয়া (৩৬) আৰু বেপাৰীপাৰা গাঁৱৰ আবুল হুছেইন বেপাৰীৰ পুত্ৰ আনোৱাৰ ইছলাম বেপাৰী (৫৮) বুলি চিনাক্ত কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments