Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়১৪ জনৰ আক্ৰমণত নষ্ট হ'ল মহিলাৰ গৰ্ভস্থ সন্তান ! ক'ত ?

১৪ জনৰ আক্ৰমণত নষ্ট হ’ল মহিলাৰ গৰ্ভস্থ সন্তান ! ক’ত ?

মানকাচৰৰ ধাৰাকোৱাত সংঘটিত হোৱা ভূমিকেন্দ্ৰীক সংঘাতত ১৪ জনৰ আক্ৰমণত এগৰাকী গৰ্ভৱতী মহিলা সহ তেওঁৰ স্বামী আহত হোৱাৰ উপৰিও মহিলা গৰাকীৰ গৰ্ভস্থ সন্তান নষ্ট হোৱাৰ এমাহ উকলি যোৱাৰ পাচতো মানকাচৰ আৰক্ষীয়ে এজনো অভিযুক্তক কৰায়ত্ব নকৰাক লৈ মহিলা গৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা আৰক্ষীৰ সহায় বিচাৰিছে ।

উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ অধীনস্থ ধাৰাকোৱা প্ৰথম খণ্ড গাঁৱত যোৱা ১২ জুলাই তাৰিখে গাওঁখনৰ ইমান আলীৰ পুত্ৰ ইউছুফ আলী সহ ১৪ জনীয়া দল এটা শ্বেৰ আলীৰ পৰিয়ালক আক্ৰমণ কৰে। দীৰ্ঘদিন ধৰি চলি থকা ভূমিকেন্দ্ৰীক সংঘাতক লৈ ইউছুফ আলী বাহিনীয়ে শ্বেৰ আলীৰ পৰিয়ালক আক্ৰমণ কৰাত শ্বেৰ আলী আৰু তেওঁৰ তিনিমহীয়া গৰ্ভৱতী পত্নী ফুলজান খাতুন সহ মুঠ ৬ জন লোক আহত হয়। স্থানীয় ৰাইজে ততকালীন ভাবে হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসকে আহত গৰ্ভৱতী মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ বাবে পৰামৰ্শ দিয়ে। কিন্তু ধনৰ অভাবত শ্বেৰ আলী পত্নীক গুৱাহাটীলৈ নিব নোৱাৰে। ১৪ জুলাই তাৰিখে ঘটনাক লৈ মানকাচৰ থানাত এটি এজাহাৰ দাখিল কৰা হয়। শ্বেৰ আলীয়ে ১৪ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইফালে পত্নী ফুলজানৰ অৱস্থা বেয়া হোৱাৰ বাবে পুনৰ হাটশিঙিমাৰী জিলা চিকিতসালয়ত মহিলা গৰাকীক স্বাস্থ্য পৰীক্ষা কৰা হয়। দ্বিতীয় দিনা চিতিকসকে মহিলা গৰাকীৰ গৰ্ভস্থ সন্তান নষ্ট হোৱা বুলি  অৱগত কৰে। এই ঘটনাক লৈ ১৫ জুলাই তাৰিখে পুনৰ ১৪ জনৰ বিৰুদ্ধে মানকাচৰ থানাত আন এটা গোচৰ ৰজু কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও আজি ১ মাহ উকলি যোৱাৰ পাচতো আক্ৰমণকাৰী ১৪ জনীয়া দলৰ এজনকো মানকাচৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাক লৈ গাওঁখনৰ একাংশ লোক আৰু শ্বেৰ আলীৰ লগতে ভূক্তভূগী মহিলা গৰাকীয়ে আজি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা আৰক্ষীয়ে বিষয়টো তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে। জিলা আৰক্ষীয়ে আমাৰ এই প্ৰতিবেদন চোৱাৰ পাচত কেনে ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments