Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত এহাল প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা ! কিন্তু কিয় ?

দক্ষিণ শালমাৰাত এহাল প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা ! কিন্তু কিয় ?

প্ৰেম এক স্বৰ্গীয় অনুভূতি । প্ৰেম বিহীন পৃথিবী কল্পনা কৰিব নোৱাৰি । প্ৰেমৰ বাবে অসম্ভৱক সম্ভৱ কৰি তোলাৰো যেনে নিদৰ্শন আছে ঠিক একেদৰে প্ৰেমৰ বাবেই মৃত্যুক সাৱটি লোৱাৰো উদাহৰণ ৰৈ গৈছে এইখন পৃথিবীত ।

দক্ষিণ শালমাৰাত প্ৰেমৰ বাবে এহাল প্ৰেমিক-প্ৰেমিকাই আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাই আলোড়নৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে দক্ষিণ শালমাৰাৰ বন্দিহানা আৰক্ষী চকী এলেকাৰ অধীনস্থ কাতলামাৰী গাৱত আজি এগৰাকী প্ৰেমিকে প্ৰেমৰ বাবে চিপ লৈ আত্মহত্যা কৰে। আজি আত্মহত্যা কৰা এই প্ৰেমিক জনৰ প্ৰেমিকাও দুদিন পূৰ্বে আত্মহত্যাৰ পথ বাছি লৈছে। এহাল প্ৰেমিক-প্ৰেমিকাই দুদিন অগাপিছাকৈ আত্মহত্যা কৰা ঘটনাক লৈ অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে। প্ৰাপ্ত বাতৰি মতে, কাতলামাৰি গাৱৰ জামাল উদ্দিনৰ পুত্ৰ ফজৰ আলী আজি চিপ লৈ আত্মহত্যা কৰিছে। দীৰ্ঘ দিনৰ পৰা ফজৰৰ লগত একেখন গাঁওৰ মঞ্জুলা খাতুন নামৰ যুৱতী গৰাকীৰ সৈতে ফজৰৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু দুয়োৰে পৰিয়াল এই প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবে দুয়ো দুদিন অগা-পিছাকৈ আত্মহনন পথ বাছি লোৱা বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments