Monday, September 16, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ২৬ গাওঁ প্ৰধানক জিলা প্ৰশাসনৰ Show Cause

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ২৬ গাওঁ প্ৰধানক জিলা প্ৰশাসনৰ Show Cause

খেল মহাৰণৰ এক আলোচনা সভাত অনুপস্থিত থকাৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ২৬ গৰাকী গাওঁ প্ৰধানক হাটশিঙিমাৰী জিলা প্ৰশাসনৰ নিৰ্দেশত Show Cause জাৰি কৰা হৈছে। অহা ১ নবেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হবলগীয়া খেল মহাৰণৰ বাবে যোৱা ১৮ আগষ্ট তাৰিখে হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত এক আলোচনা সভাৰ আয়োজন কৰা হৈছিল। উক্ত আলোচনা সভাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী সকল, গাওঁ প্ৰধান সকল, পঞ্চায়তৰ সচিব আৰু সভাপতি সকলক উপস্থিত থকাৰ বাবে জিলা প্ৰসাসনৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছিল। কিন্তু উক্ত আলোচনা সভাত জিলাখনৰ ৯১ গৰাকী গাওঁ প্ৰধানৰ ভিতৰত ২৬ গৰাকী গাওঁ প্ৰধান অনুপস্থিত আছিল। মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা ১৭ গৰাকী গাওঁ প্ৰধানক মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা ৯ গৰাকী গাঁও প্ৰধানত অতিৰিক্ত আয়ুক্ত বন্নি ইনাম শ্বাদ্দাব কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰিছে। ২৪ ঘণ্টাৰ ভিতৰত গাওঁ প্ৰধান সকলক অনুপস্থিত থকাৰ কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments