Monday, September 16, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত বৰলুইতৰ ভয়ংকৰ খহনীয়া । তৎকালীন ভাবে স্থানান্তৰ কুশবাৰী উপস্বাস্থ্য...

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত বৰলুইতৰ ভয়ংকৰ খহনীয়া । তৎকালীন ভাবে স্থানান্তৰ কুশবাৰী উপস্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ।

ধুবুৰী জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰাৰত বৰলুইতৰ পাৰত ভয়ংকৰ গৰাখহনীয়াই বিপদ মাতিছে ফকিৰগঞ্জবাসীৰ। বিশেষকৈ কুশবাৰী এলেকাত বিগত কেইটামান দিনৰ ভিতৰত শতাধিক পৰিয়ালৰ মাটি-ভেটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ সমান্তৰাল ভাবে গৃহহীন হোৱা পৰিয়াল কেইটা ঘৰ-সামগ্ৰী স্থানান্তৰ কৰি নিৰাপদ স্থানত স্থানান্তৰ হ’বলগীয়া হৈছে। ইফালে খহনীয়াৰ কবলত পৰা কুশবাৰী উপস্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰখন আজি সম্পূৰ্ণৰূপে স্থানান্তৰ কৰা হয়। এই উপস্বাস্থ্য কেন্দ্ৰখনৰ সমাগ্ৰী খিনি পাৰ্শ্বৱৰ্তী আইৰকাটাৰ ওহাৱ বজাৰত অস্থায়ী ভাবে জমা ৰখা হৈছে। স্বাস্থ্য কেন্দ্ৰখনৰ পকী অংশৰ বাহিৰ বাকী সামগ্ৰীখিনি খুলি অনা হৈছে। দুই এদিনৰ ভিতৰত পকী অংশখিনি বৰলুইতৰ বুকুত জাহ যাব। অঞ্চলটোত এই উপস্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে ৰাইজে প্ৰাথমিক চিকিৎসা লাভ কৰাৰ লগতে প্ৰসূতি মাতৃ সকলে চৰকাৰী বেজী তথা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰিছিল। এতিয়াৰ পৰা প্ৰসূতি মাতৃ সকলে দুৰলৈ গৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। ইফালে আইৰকাটাত যোৱা প্ৰায় ৭-৮ বছৰ পূৰ্বে এখন নৈপৰীয়া উপস্বাস্থ্য কেন্দ্ৰ বানৰ কবলত পৰি পানীৰ তলত পৰিছে। বৰ্তমানলৈকে উপস্বাস্থ্য কেন্দ্ৰটো চৰকাৰে নতুনকৈ নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহন কৰা নাই। আইৰকাটা নৈপৰীয়া উপস্বাস্থ্য কেন্দ্ৰটো আজিও এখন খালৰ মাজত পানীৰ তলত পৰি আছে। এনে পৰিস্থিতৰ ফলত স্বাস্থ্য কৰ্মী সকলে আইৰকটা বজাৰত দোকান এখন ভাৰা লৈ স্থানীয় ৰাইজক স্বাস্থ্য সেৱা কৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে কুশবাৰী উপস্বাস্থ্য কেন্দ্ৰখনো বৰলুইতৰ কবলত পৰি ভাঙিবলগীয়া হোৱাত এই উপস্বাস্থ্য কেন্দ্ৰখন চৰকাৰে পুনৰ নিৰ্মাণৰ প্ৰতি কিমান গুৰুত্ব প্ৰদান কৰিব সেৱা সহজে অনুমেয়। ইফালে কুশবাৰীত খহনীয়াৰ ফলত কেবল এই উপস্বাস্থ্য কেন্দ্ৰখনেই নহয়, বিগত প্ৰায় এটা মাহৰ ভিতৰত শাতাধিক পৰিয়াল গৃহহীন হৈছে। তেওঁলোক কোনোমতে সপোনৰ ঘৰ খন ভাঙি নিৰাপদ স্থানত আশ্ৰয় লবলগীয়া হৈছে। অঞ্চলটোত বহু কৃষি ভূমিও নদীৰ গৰ্ভত বিলীন হৈ গৈছে। খহনীয়া এইদৰে অব্যাহত থাকিলে অঞ্চলটোৰ বহু কেইখন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ফকিৰগঞ্জ এলেকা ভাবুকিত পৰিব। স্থানীয় ৰাইজে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments