Sunday, September 8, 2024
Google search engine
গৃহক্ৰীড়া১ নবেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব খেল মহাৰণ । হাটশিঙিমাৰীত...

১ নবেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব খেল মহাৰণ । হাটশিঙিমাৰীত জিলা ভিত্তীক আলোচনা সভা

অহা ১ নবেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া খেল মহাৰণৰ বাবে হাটশিঙিমাৰীত আজি জিলা ভিত্তীক আলোচনা সভা অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে আজি দিনৰ ১১ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত খেল মহাৰণক লৈ এক জিলা ভিত্তীক আলোচনা সভা অনুষ্ঠিত কৰা হয়। এই আলোচনা সভাত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ, জিলা অতিৰিক্ত আয়ুক্ত বন্নি ইনাম শ্বাদ্দাব, ড০ হিতেশ মজুমদাৰ, জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা, মহকুমা ক্ৰীড়া বিষয়া, জিতুমণি বৰুৱা, মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, মানকাচৰ খণ্ড উন্নয়ন বিষয়া কস্তব দাস, জিলা সহকাৰী আয়ুক্ত ইন্দ্ৰজিত দাস আৰু দৈথন ওৱাৰীৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকল, গাঁও প্ৰধান সকল আৰু পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত আছিল। মুঠ পাঁচটা খেলক লৈ ৰাজ্যিক ভিত্তীক খেল মহাৰণ অনুষ্ঠিত কৰা হ’ব। খেল সমূহ হৈছে-এথলেটিক্স, ফুটবল, ভলিবল, কাবাডী আৰু খোকো খেল। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত খোকো খেলৰ প্ৰভাৱ নথকাৰ বাবে জিলাখনত চাৰিখন খেলক লৈ এই খেল মহাৰণ অনুষ্ঠিত কৰাৰ বাবে আজিৰ আলোচনা সভাৰ জৰিয়তে পৰিকল্পনা প্ৰস্তুত কৰা হয়। খেল মহাৰণৰ সময়সূচী মতে, জিলাখনত অহা ১ নবেম্বৰৰ পৰা ১৫ নবেম্বৰলৈ প্ৰতিখন গাঁৱৰ পৰা খেলৰ বাবে এখনকৈ দল প্ৰস্তুত কৰি গাওঁ পৰ্যায়ত প্ৰতিযোগীতা অনুষ্ঠিত কৰা হ’ব। গাওঁ পৰ্যায়ত নিৰ্বাচিত হোৱা খেলুৱৈৰ দল সমূহ ১৬ নবেম্বৰ পৰা ২৬ নবেম্বৰলৈ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগীতাত অংশগ্ৰহন কৰিব। পঞ্চায়ত পৰ্যায়ত বাছনি কৰা দল সমূহক লৈ ২৭ নবেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ সমষ্টি পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। একেদৰে ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ জিলা পৰ্যায়ত উন্নীত হ’বলৈ প্ৰতিযোগীতাৰ প্ৰস্তুতি অনুষ্ঠিত কৰা হ’ব । আনহাতে ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ জিলা পৰ্যায়ত খেল মহাৰণ অনুষ্ঠিত কৰাৰ পাচত ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা কৰিবলৈ ২৬ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰীলৈ প্ৰস্তুতি লোৱা হ’ব। এই দুমাহজোৰা জিলা ভিত্তীক খেল মহাৰণৰ পাচত ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগীতা অনুষ্ঠিত কৰা হ’ব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments