Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ গজাৰিকান্দিত হে’ৰইন সহ গ্ৰেপ্তাৰ এজন

মানকাচৰৰ গজাৰিকান্দিত হে’ৰইন সহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ গজাৰিকান্দিত কালি সন্ধিয়া প্ৰায় ৬ বজাত জিলা আৰক্ষী এক গোপন সুত্ৰৰ ভিত্তীত অভিযান চলাই হে’ৰইন সহ এজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত বাতৰি মতে, জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বত আৰক্ষীৰ দল এটা গজাৰিকান্দিত অভিযান চলায়। হাটশিঙিমাৰী-মানকাচৰ সংযোগী এইচ-এম পথত চলোৱা এই অভিযানত মানকাচৰ থানা এলেকাৰ অধীনস্থ কেশৰভিটা গাঁৱৰ আব্দুল কায়ুম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীয়ে আটক কৰি তেওঁৰ পৰা তিনিটা চাবোনৰ বাকচ জব্দ কৰে। উক্ত চাবোনৰ বাকচ তিনিখনৰ পৰা ৩৭ গ্ৰাম ওজনৰ হে’ৰইন উদ্ধাৰ কৰা হৈছে। জিলা আৰক্ষীয়ে সৰবৰাহকাৰীটোক হে’ৰইন সহ মানকাচৰ আৰক্ষীক চমজাই দিছে। আৰক্ষীয়ে ইতিমধ্যে এন ডি পিএছ আইনৰ অধীনত মানকাচৰ থানাত ৩৩৯/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ড্ৰাগছ সৰবৰাহকাৰী কায়ুমক গ্ৰেপ্তাৰ কৰিছে। আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে অধিক তদন্তৰ বাবে আৰক্ষীক দুদিনৰ জিম্মাত দিছে। বৰ্তমানে মানকাচৰ আৰক্ষী ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ড্ৰাগছ সৰবাহকাৰীজন ক’ৰ পৰা কেনেকৈ হে’ৰইনখিনি মানকাচৰত আনিছিল তাক লৈ আৰক্ষীয়ে তদন্ত চলাই থকা পৰিলক্ষিত হৈছে। ধৃত সৰবৰাহকাৰীটোক কেশৰভিটা গাঁৱৰ প্ৰয়াত মোকবুল পুত্ৰ বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী কায়ুম দীৰ্ঘ দিনৰ পৰা মানকাচৰত ড্ৰাগচৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি তেওঁ ড্ৰাগছ সৰবৰাহ কৰাত জৰিত বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments