Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাৰ বাউশকাটা-ৰাভাটাৰী সমবায় সমিতিৰ ভোটগণনা । হাজিৰহাটত বিনা প্ৰতিদন্দিতাত ১৫ প্ৰাৰ্থীৰ...

দক্ষিণ শালমাৰাৰ বাউশকাটা-ৰাভাটাৰী সমবায় সমিতিৰ ভোটগণনা । হাজিৰহাটত বিনা প্ৰতিদন্দিতাত ১৫ প্ৰাৰ্থীৰ জয়লাভ

দক্ষিণ শালমাৰাৰ বাউশকাটা-ৰাভাটাৰী সমবায় সমিতিৰ আজি শান্তিপূৰ্ণ ভাবে ভোটগণনা সম্পন্ন কৰা হয়। মুঠ ১৫ খন আসনৰ ভিতৰত ৭ খন আসনত প্ৰাৰ্থী সকলে বিনা প্ৰতিদন্দিতাত জয়লাভ কৰিছে। বাকী থকা ৮খন আসনৰ বাবে ১৮ গৰাকী প্ৰাৰ্থীৰ মাজত যোৱা ১৭আগষ্ট তাৰিখে সমবায় সমিতিখনত ভোটগ্ৰহন অনুষ্ঠিত কৰা হৈছিল। ৩৬২৫ গৰাকী অংশীদাৰ ভোটাৰৰ ভিতৰত ২৪৮০ গৰাকী ভোটাৰ ভোটদান কৰে। আজি পুৱাৰ পৰা সন্ধিয়া ৭ বজালৈ শান্তিপূৰ্ণভাবে ভোটগণনা অনুষ্ঠিত কৰাৰ অন্তত চুৰান্ত ফলাফল পোহৰলৈ আহিছে। আজি ভোটগণনাৰ জৰিয়তে জয়লাভ কৰা প্ৰাৰ্থী কেইজন বাউশকাটা গাওঁ পঞ্চায়তৰ সভাপতি হাসানুৰ ৰহমান ৯৯২ টা ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিছে। একেদৰে আব্দুল মতলেব ৯৫৩ টা ভোট লাভ কৰি জয়লাভ কৰিছে, ইবাদ হুছেইন মিয়া ৯৪৭ টা ভোট লাভ কৰি জয়লাভ কৰিছে, জহিৰুল ইছলাম ৯০১ টা ভোট লাভ কৰি জয়লাভ কৰিছে, ফুলচান আলী ৬৭২ টা ভোট লাভ কৰি জয়লাভ কৰিছে, লাল মিয়া ৬২৮ টা ভোট লাভ কৰি জয়লাভ কৰিছে, আৰফান আলীয়ে ৬০৬ ভোট লাভ কৰি জয়লাভ কৰিছে আৰু ছবিয়েল আলম ৫৭০ ভোট লাভ কৰি জয়লাভ কৰিছে। সমিতিখনত বিনা প্ৰতিদন্দিতাত জয়লাভ কৰা প্ৰাৰ্থী কেইজন ক্ৰমে- সাগৰ আলী, নকিম উদ্দীন, গোলাপ হুছেইন, আবুল কালাম, ৰাসিদা খাতুন, নাছিমা আকতাৰ আৰু নুৰেশ ৰবিদাস।  

মন কৰিবলগীয়া যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ অন্তৰ্গত হাজিৰহাট সমবায় সমিতিৰ বাবে মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে যোৱা ১৬ আগষ্ট তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইয়াৰে ১২ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয় পত্ৰ প্ৰত্ব্যাহাৰ কৰাত বাকী ১৫ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদন্দিতাত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ অন্তৰ্গত হাজিৰহাট সমবায় সমিতিৰ বাবে মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে যোৱা ১৬ আগষ্ট তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইয়াৰে কালি ১২ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয় পত্ৰ প্ৰত্ব্যাহাৰ কৰাত বাকী ১৫ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদন্দিতাত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments