Saturday, July 27, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তি৭ মাহ ধৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক নিখোজ ! ক'ত ?

৭ মাহ ধৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক নিখোজ ! ক’ত ?

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ চতলাৰপাৰ এম ই স্কুলৰ বিজ্ঞান শিক্ষক ফয়জাল হক মোল্লা বিগত ৭ মাহ ধৰি নিখোজ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১৭ জানুৱাৰী তাৰিখে শিক্ষক ফয়জাল হক পুৱা প্ৰায় ৮ বজাত ঘৰৰ পৰা ফকিৰগঞ্জ বজাৰলৈ ওলাই গৈছিল। সেই দিনা সন্ধিয়ালৈ শিক্ষক জন ঘৰলৈ উভতি নহাৰ ফলত পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত খবৰ লবলৈ আৰম্ভ কৰে। দিনটো শিক্ষক জন নিৰুদ্দেশ হৈ থকাৰ ফলত পত্নী ময়জান আহমেদ ফকিৰগঞ্জ থানাত লিখিত ভাবে আৰক্ষীক অৱগত কৰিছে। শিক্ষক জন নিৰুদ্দেশ হোৱাৰ আজি ৭ মাহ উকলি গৈছে। অথচ ফকিৰগঞ্জ আৰক্ষীয়ে এতিয়ালৈ চৰকাৰী শিক্ষক জনৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই । শিক্ষক জন অঞ্চলটোৰ মৈৰাকুচি প্ৰথম খণ্ড গাঁৱৰ বাসিন্ধা । ৫৭ বছৰীয়া শিক্ষক জনৰ এগৰাকী পুত্ৰ এইবাৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত ৫৫৮ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈ ধুবুৰী মেডিকেল কলেজত অধ্যয়নৰ বাবে সুযোগ লাভ কৰিছে। শিক্ষক পিতৃ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। শিক্ষক জন নিৰুদ্দেশ হৈ থকা দিনৰে পৰা তেওঁৰ পৰিয়ালে চৰকাৰী দৰমহা বন্ধ হৈ আছে । ফলত পৰিয়ালটো মানসিক ভাবে ভাগি পৰাৰ উপৰিও আৰ্থিক ভাবেও দূৰ্বল হৈ পৰিছে। কোনো সদাশয় ব্যক্তিয়ে শিক্ষক জনক কোনো স্থানত দেখা পালে ফকিৰগঞ্জ থানাৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments