Monday, December 2, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ মানুল্ল্যাপাৰা উত্তপ্ত । শিক্ষাৰ্থীক যাবলৈ দিয়া হোৱা নাই বিদ্যালয়ত ! কিন্তু...

মানকাচৰৰ মানুল্ল্যাপাৰা উত্তপ্ত । শিক্ষাৰ্থীক যাবলৈ দিয়া হোৱা নাই বিদ্যালয়ত ! কিন্তু কিয় ?

মানকাচৰৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ মানুল্ল্যাপাৰাত দুই গাঁৱৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত বাতৰি মতে, স্বাধীনতা দিৱস উপলক্ষে মানুল্ল্যাপাৰা গাওঁ পঞ্চায়তৰ অধীনস্থ বামুণপাৰা গাঁৱত একাংশ লোকে যোৱা নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কৰিছিল। এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত পাৰ্শ্ববৰ্তী বাংলাপাৰা গাঁওৰো একাংশ যুৱক অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল। হঠাৎ বাংলাপাৰা আৰু বামুণপাৰা গাঁৱৰ কেইজনমান যুৱকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাচত আজি পুৱা বামুণপাৰা পৰা মানুল্ল্যাপাৰা বজাৰলৈ যোৱা একাংশ লোকক বাংলাপাৰা গাঁৱৰ আইজল হক নামৰ লোক জনে আন সহযোগীৰ সৈতে বাধা প্ৰদান কৰে। বাংলাপাৰাৰ আইজল হকে দুই শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীকো খেদি পঠোৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত শিক্ষাৰ্থী সকল আজি পাঠদানৰ পৰা বঞ্চিত হবলগীয়া হয়। পৰিস্থিতি উত্তপ্ত হোৱাত কালাপানী আৰক্ষী ঘটনাস্থলী উপস্থিত হোৱাত আইজল হক সহ শিক্ষাৰ্থীক বাধা প্ৰদান কৰা দলটো পলায়ন কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই থকা পৰিলক্ষিত হৈছে। আইজল হকৰ বিৰুদ্ধে আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহনৰ দাবী তুলিছে স্থানীয় বামুণপাৰা গাঁৱৰ ৰাইজে।

লক্ষণীয় যে বামুণপাৰা গাঁৱৰ পৰা মানুল্ল্যাপাৰা বজাৰকে ধৰি অন্য যিকোনো স্থানত যোগাযোগৰ একমাত্ৰ পথটো বাংলাপাৰা গাঁৱৰ ওপৰেদি গৈছে। এই সুযোগ গ্ৰহন কৰি বাংলাপাৰাত আইজল হকে এইদৰে বামুণপাৰাৰ ব্যৱসায়ী, শিক্ষাৰ্থী তথা সাধাৰণ জনতাক বাধা প্ৰদান কৰাৰ অভিযোগ পোৱা গৈছে। এই ঘটনাৰ পাচত বামুণপাৰা গাঁৱৰ প্ৰায় সহস্ৰাধিক লোক গাওঁখনত সমবেত হৈ আইজলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে দাবী উত্থাপন কৰিছে। ঘটনাক লৈ কালাপানী আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments