Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত বৃদ্ধি পাইছে চকু ৰোগৰ প্ৰাদূৰ্ভাৱ

হাটশিঙিমাৰীত বৃদ্ধি পাইছে চকু ৰোগৰ প্ৰাদূৰ্ভাৱ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীকে ধৰি জিলাখনৰ একাংশ স্থানত চকুৰ ৰোগ কনজাংটিভাইটিচৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে। ইতিমধ্যে জিলাখনৰ বহু শিক্ষক আৰু শিক্ষাৰ্থীৰ লগতে শ শ লোক চকুৰ ৰোগত আক্ৰান্ত হৈছে। দুয়োখন চকু অতিকৈ ৰঙা হৈ পৰা এই ৰোগ বিধ এজনৰ পৰা আনজনৰ চকুত সহজে বিয়পি পৰে। কৰোনা ভাইৰাচৰ দৰে দ্ৰুত গতিত সংক্ৰমণ হয় এই চকুৰ ৰোগ। চুকুৰ ৰোগত আক্ৰান্ত হোৱা শিক্ষক আৰু শিক্ষাৰ্থীক ইতিমধ্যে সপ্তাহৰ বাবে ছুটি প্ৰদান কৰিছে একাংশ শিক্ষানুষ্ঠানে । আৰগ্য লাভ কৰাৰ পাচতহে তেওঁলোক স্কুলত আহাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। স্কুলৰ লগতে হাট-বজাৰত এই ৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পোৱাৰ ফলত আজিৰ পৰা হাটশিঙিমাৰীৰ জাৰা আই ক্লিনিকে চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে। আজি হাটশিঙিমাৰীৰ নামনি অসম জাতীয় বিদ্যালয়ত জাৰা আই ক্লিনিকে নিজাববীয়াকৈ বিনামূলীয়া চিকিতসা শিবিৰৰ আয়োজন কৰে। এই শিবিৰৰ জৰিয়তে বিদ্যালয় খনৰ শতাধিক শিক্ষাৰ্থী আৰু শিক্ষকৰ চকু পৰীক্ষা কৰি চিকিৎসাৰ পৰামৰ্শ প্ৰদান কৰে হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ অপ্টোমেট্ৰিষ্ট লিটন চৌধুৰীয়ে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments