Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়শান্তিপূৰ্ণ ভাবে সমাপ্ত হ'ল সুখচৰ সমবায় সমিতিৰ ভোটগণনা

শান্তিপূৰ্ণ ভাবে সমাপ্ত হ’ল সুখচৰ সমবায় সমিতিৰ ভোটগণনা

৫ খন গাওঁ পঞ্চায়তক লৈ গঠন হোৱা মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণ ভাবে সম্পন্ন কৰা হৈছে। সমবায় সমিতিখনত মুঠ ৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰিছিল। যোৱা ১০ আগষ্ট তাৰিখে ৩৭১৯ গৰাকী অংশিদাৰ ভোটৰৰ ভিতৰত ২১২৫ গৰাকী ভোটাৰে ভোট প্ৰদান কৰাৰ পাচত শণিবাৰে পুৱা ৮ বজাৰ পৰা আজি পুৱতি নিশা ২ বজালৈ ভোটগণনা কৰা হয়। এই ভোটগণনাৰ অন্তত মুঠ ১৫ খন আসনৰ ভিতৰত ১৪ খন আসনত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাৰ লগতে এআইইউডিএফৰ সমৰ্থিত এগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে অগপৰ সমৰ্থিত কোনো প্ৰাৰ্থী এই সমবায় সমিতিৰ নিৰ্বাচনত জয়ী হবলৈ সক্ষম হোৱা নাই । ১০ আগষ্টত সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমবায় সমিতিখনৰ ভোটগ্ৰহন কৰাৰ পাচত শনিবাৰে উক্ত বিদ্যালয়খনতে ভোটগণনা কৰা হয়। নিৰ্বাচনত জয়ী হোৱা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী কেইজন হৈছে- মোস্তাউৰ ৰহমান । তেওঁ ভোট লাভ কৰিছে-৮৯৩ টা, ছালেহ উদ্দীন মণ্ডল, ভোট লাভ কৰিছে ৫৮৮ টা, সুভাষ সাহা, ভোট লাভ কৰিছে ৬১১ টা, ছপিকুল ইছলাম, ভোট লাভ কৰিছে ৭৪১ টা, আনোৱাৰ হুছেইন সেখ, ভোট লাভ কৰিছে ৬৮৯ টা, আব্দুল হামিদ সেখ, ভোট লাভ কৰিছে ৬৪৫ টা , বজলুল বাসিদ, ভোট লাভ কৰিছে ৬৭১ টা, ৰহমত উল্ল্যা সেখ, ভোট লাভ কৰিছে ৬৫০ টা, ফিৰাজুল হক, ভোট লাভ কৰিছে ৬৩৩ টা, তমছেৰ আলী, ভোট লাভ কৰিছে ৭১০ টা, হাবিজুৰ ৰহমান, ভোট লাভ কৰিছে ৬৮৩ টা, জহুৰা ইছলাম, ভোট লাভ কৰিছে ৮৯৬ টা, মাশুদা বেগম, ভোট লাভ কৰিছে ৯৪৮ টা আৰু ৰাধা কান্ত দাস, ভোট লাভ কৰিছে ৭১১ টা। আনহাতে তৈয়ব আলী সেখ জয়ী হৈছে এআইইউডিএফৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে। তেওঁ ভোট লাভ কৰিছে ৬৮৬ টা । সুখচৰ সমবায় সমিতিৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাবে সম্পন্ন হোৱাৰ পাচত পুৱতি নিশা ২ বজাতেই জয়লাভ কৰা প্ৰাৰ্থী কেইজনক জয়ী প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। একেৰাহে তৃতীয় বাৰৰ বাবে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী মোস্তাউৰ ৰহমান পুনৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। তেওঁ বিগত ১০ বছৰ ধৰি সমবায় সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আহিছে। তৃতীয় বাৰৰ বাবে তেওঁ সমিতিখনৰ সভাপতিৰ দায়িত্ব লবলৈ আশাবাদী বুলি জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments