Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী-মানকাচৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰব । এজনক গ্ৰেপ্তাৰ

হাটশিঙিমাৰী-মানকাচৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰব । এজনক গ্ৰেপ্তাৰ

মানকাচৰ চহৰৰ লগতে বিভিন্ন এলেকাত চুৰি কৰি অহা এটা চোৰক কালি ৰাইজে আটক কৰি আৰক্ষীক গতাই দিছে। শান্তিপুৰ গাঁৱৰ ৰাইজে চোৰটোক চুৰি কৰা অৱস্থাত কৰায়ত্ব কৰি উত্তম মাধ্যম দি মানকাচৰ আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰে। আদালতে চোৰটোক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। চোৰটো শান্তিপুৰত গেলামালৰ দোকান এখনত চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰি ৰঙা ঘৰৰ আলোহী হবলগীয়া হৈছে। জিলাখনৰ বিভিন্ন এলেকাত চোৰৰ উপদ্ৰপ ভয়াবহ ভাবে বৃদ্ধি পাইছে। শেহতীয়াকৈ যোৱা সপ্তাহত খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ফেকামাৰী বজাৰত মেহেক জুৱেলাৰীৰ পৰা চোৰে ১৫ লাখ টকাৰ সোন আৰু হীৰাৰ সামগ্ৰী লুটি নিছে। মেহেক জুৱেলাৰীৰ টিনপাত খুলি চোৰ ভিতৰত প্ৰবেশ কৰিছিল। একেদৰে মানকাচৰ থানা এলেকাৰ অধীনস্থ ঝাউডাঙাতো যোৱা সপ্তাহত এখন জুৱেলাৰীত চুৰিকাণ্ড সংঘটিত হৈছিল। দোকান-পাটৰ উপৰিও জিলাখনৰ বিভিন্ন গাঁৱত চোৰে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰি পেলাইছে। একাংশ লোকৰ ঘৰৰ পৰা চোৰে নগদ ধন, গৰু, ছাগলী, মটৰ চাইকেল, বস্তা ভৰ্তি শুকান ছুপাৰী আদি চুৰি কৰাৰ দৰে কেবাটাও ঘটনা সংঘটিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments