Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়কি হ'ব মানকাচৰ সমষ্টিৰ নাম ?

কি হ’ব মানকাচৰ সমষ্টিৰ নাম ?

সমষ্টি পুনৰ নিৰ্ধাৰনত মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ নাম সলনি কৰা হৈছে। এতিয়াৰ পৰা মানকাচৰ সমষ্টিৰ নতুন নাম হব বিৰসীং জৰুৱা । আৰু  দক্ষিণ শালমাৰা সমষ্টিৰ নতুন নাম হব মানকাচৰ ।  বিলুপ্ত কৰা হৈছে দক্ষিণ শালমাৰা সমষ্টিৰ নাম।  নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি নিৰ্ধানৰ চুড়ান্ত তালিকাত অসমৰ ১৯ টা বিধানসভা সমষ্টিৰ লগতে ১ টা লোকসভা সমষ্টিৰ নাম সলনি কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পূৰ্বে দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টি অন্তৰ্ভূক্ত হৈ আছিল। কিন্তু এতিয়াৰ পৰা কেবল মানকাচৰ সমষ্টি এই জিলাখনত অন্তৰ্ভূক্ত হৈ থাকিব। মানকাচৰ, ফেকামাৰী আৰু দক্ষিণ শালমাৰা উন্নয়ন খণ্ড তিনিখনক লৈ গঠন কৰা হৈছে মানকাচৰ সমষ্টি। ইয়াৰে পূৰ্বৰ দৰে মানকাচৰ আৰু ফেকামাৰী উন্নয়ন খণ্ড এলেকাৰ গাওঁ সমূহ সমষ্টিখনত অন্তৰ্ভূক্ত হৈ থকাৰ লগতে দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ কিছু এলেকা সমষ্টি খনত অন্তৰ্ভূক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। সমষ্টি পুনৰ নিৰ্ধাৰনক লৈ ৰাইজৰ দলৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমানে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments