মানকাচৰৰ কালাপানী গাওঁ পঞ্চায়ত এলেকাৰ অধীনত থকা জাঙ্গাল গাৱৰ এখন পথে প্ৰতিদিনে জলাকলা খোৱাছে জাঙ্গালবাসীক। জাঙ্গাল এল পি স্কুলৰ পৰা বাঘাপাৰা চাৰিআলীলৈ যোৱা পথটো দীৰ্ঘদিনে নিৰ্মাণ নকৰাত বিধস্থ পথেৰে ৰাইজে অতি কষ্টৰে যাতায়ত কৰিবলগীয়া হৈছে। এজাক বৰষুণ হলেই পথটো সম্পূৰ্ণৰূপে বোকাময় হৈ পথাৰৰ দৰে পৰিবেশৰ সৃষ্টি হয়। একাঠু বোকাৰ মাজত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে যাতায়ত কৰাত ভীষণ হাৰাশাস্তি ভূগি আহিছে। দীৰ্ঘদিনে পথটো পুনৰ নিৰ্মাণ নকৰাক লৈ জাঙ্গালবাসী ৰাইজে পথৰ ওপৰত ধান ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰা পৰিলক্ষিত হয়। জাঙ্গাল এল পি স্কুলৰ পৰা বাঘাপাৰা চাৰিআলীলৈ যোৱা পথটো পুনৰ নিৰ্মাণৰ দাবী তুলিছে প্ৰতিবাদকাৰী সকলে ।