Friday, February 13, 2026
Google search engine
গৃহস্থানীয়কেতিয়া পুনৰ নিৰ্মাণ হ'ব এইচ-এম পথ

কেতিয়া পুনৰ নিৰ্মাণ হ’ব এইচ-এম পথ

কেতিয়া পুনৰ নিৰ্মাণ হ’ব হাটশিঙিমাৰী-মানকাচৰ সংযোগী ২২ কিলোমিটাৰ এইচ-এম পথ ? মানকাচৰৰ জিলাবাসীৰ লাইফ লাইন সদৃশ ২২ কিলোমিটাৰ এইচ-এম পথটো ক্ৰমাত বিধস্ত হৈ পুখুৰী সদৃশ হৈ পৰিছে। জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মানকাচৰ সংযোগী এই পথটোৱেই হৈছে একমাত্ৰ পথ। দীৰ্ঘ দিনৰ পৰা পথটো পুনৰ নিৰ্মাণ কৰাতো দূৰৰে কথা মেৰামতি প্ৰযন্ত কৰা নাই লোক নিৰ্মাণ বিভাগে। প্ৰতিদিনে এই পথেৰে অতি কমেও ৫০ হেজাৰ লোক যাতায়ত কৰে। গড়কপ্তানী বিভাগৰ অধীনত থকা এই ২২ পথটো সাধাৰণ লোকে যাতায়ত কৰোতে ডেৰ ঘণ্টাতকৈ অধিক সময় অতিবাহিত হয় । ৰোগী, প্ৰসূতি সকল এই পথেৰে যাতায়ত কৰাটো একেবাৰে বিপদজনক হৈ পৰিছে। জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক তথা উচ্চ পদস্থ বিষয়াৰ লগতে মানকাচৰত মন্ত্ৰী আহিলে ভাৰত-বাংলাদেশ সীমান্ত পথেৰে যাতায়ত কৰে। পথটো দ-খালত পৰিণত হোৱাত  অকনমান বৰষুণ হলেই এইদৰে পথৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ হৈ পৰে। দীৰ্ঘ দিনৰ পৰা স্থানীয় দল-সংগঠন তথা জিলাবাসী পথটো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবী জনাই আহিছে। শেহতীয়াকৈ যোৱা সপ্তাহত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আছুয়ে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহন কৰি পথটো পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে। বাৰে বাৰে দল-সগঠনে এই পথটো পুনৰ নিৰ্মানৰ দাবী জনাই অহাৰ পাচতো আজিলৈ জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ তথা চৰকাৰে জিলাবাসীৰ দাবীৰ প্ৰতি সহাৰি প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments