দক্ষিণ শালমাৰাৰ নতুন আৰু পুৰণি পাটাকাটা সপ্তাহিক বজাৰক লৈ চলি থকা বিতৰ্কৰ মাজত আজি পূৰ্বৰ স্থানত অনৈতিক ভাবে সপ্তাহিক বজাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। পাটাকাটা পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাবক মিৰাজুল হকে জানিব দিয়া মতে, পূৰ্বৰ পাটাকাটা সপ্তাহিক বজাৰখন বৰলুইতৰ খহনীয়াত জাহ যোৱাৰ পাচত বজাৰখন পাটাকাটা এম ভি স্কুলৰ সম্মুখত চলি আহিছিল। স্কুলৰ মাটিত সপ্তাহিক বজাৰ নকৰিবলৈ উন্নয়ন খণ্ডৰ পৰা খণ্ড বিষয়াই পঞ্চায়তক অৱগত কৰাত স্কুলখনৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত নতুনকৈ বজাৰ স্থাপন কৰা হৈছে। জিলা পৰিষদৰ পৰা সপ্তাহিক বজাৰ কৰাৰ বাবে এক নিৰ্দেশনা প্ৰদান কৰাৰ পাচত পাটাকাটা পঞ্চায়তত আলোচনা কৰি নতুন বজাৰখনত সপ্তাহিক বজাৰ পতাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰা হয়। যোৱা ৬ সপ্তাহ ধৰি নতুন বজাৰত সপ্তাহিক বজাৰ চলি আহিছে। কিন্তু আজি হঠাত এটা চক্ৰই অনৈকিত ভাবে পুনৰ পাটাকাটা এম ভি স্কুলৰ সম্মুখত সপ্তাহিক বজাৰ স্থাপন কৰাত নতুন বজাৰ কতৃপক্ষৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিষয়টোক লৈ নতুন বজাৰৰ সমিতিয়ে দক্ষিণ শালমাৰা থানাত অৱগত কৰাৰ লগতে জিলা উপায়ুক্ত আৰু জিলা পৰিষদক অৱগত কৰে বুলি মিৰাজুল হকে জানিবলৈ দিছে । কোনোধৰনৰ অনুমতি নোহোৱাকৈ পাটাকাটা এম ভি স্কুলৰ সম্মুখত কিদৰে আজি সপ্তাহিক বজাৰ অনুষ্ঠিত কৰা হল তাক লৈ নতুন বজাৰ কতৃপক্ষই আইনগত ব্যৱস্থা লব বুলি দাবী কৰিছে। আৰক্ষী, জিলা প্ৰশাসন, জিলা পৰিষদে নতুন আৰু পুৰনি সপ্তাহিক বজাৰৰ ক্ষেত্ৰত কিদৰে ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।