Thursday, February 12, 2026
Google search engine
গৃহস্থানীয়মানকাচৰ-মেঘালয় সীমান্তৱৰ্তী এলেকাত কেতিয়া নিৰ্মাণ হ’ব জল জীৱন মিচন আচনিৰ প্ৰকল্প ?

মানকাচৰ-মেঘালয় সীমান্তৱৰ্তী এলেকাত কেতিয়া নিৰ্মাণ হ’ব জল জীৱন মিচন আচনিৰ প্ৰকল্প ?

দক্ষিণ শালমাৰা-মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অধীনত জিলাখনৰ প্ৰায় প্ৰতিটো অঞ্চলত একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সকলে জল জীৱন মিচন শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আচনি হিচাপে পৰিগনিত হোৱা জল জীৱন মিচনৰ প্ৰকল্প সমূহৰ পৰা যাতে দেশৰ প্ৰতিটো পৰিয়াল ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী লাভ কৰে তাৰ বাবে এই আচনি গ্ৰহন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অধীনত ২৫১ টা প্ৰকল্প নিৰ্মাণ কৰা হব। ইতিমধ্যে প্ৰায় অৰ্ধশতাধিক প্ৰকল্প নিৰ্মাণ কৰা হৈছে। আনহাতে প্ৰায় শতাধিক প্ৰকল্প নিৰ্মাণৰ কাম বৰ্তমানে দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে। কিন্তু তাতপৰ্যপূৰ্ণভাবে জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী ছেওৰাগুৰী, ৰামভোলাপাৰা আদি এলেকাত আজিলৈ এই আচনি সমূহ ঢুকি পোৱা নাই। ৰামভোলাপাৰাত থকা এখন হাজং গাঁৱত শতাধিক হাজং পৰিয়াল বসবাস কৰে। হাজং পৰিয়াল কেইটাৰ লগতে শ্বেওৰাগুৰী গাঁৱৰ ৰাইজে আদিম যুগৰ দৰে মাটিত গাত খান্দি খোৱা পানীৰ লগতে অন্যান্য কামৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰিছে। জিলাখনৰ ভিতৰত অসম-মেঘালয় সীমান্তৱৰ্তী গাঁও সমূহত পানীৰ অতিকৈ হাহাকাৰ। এই গাওঁ সমূহত সৰ্বপ্ৰথমে জল জীৱন মিচন আচনিৰ প্ৰকল্প নিৰ্মাণ কৰাটো অতিকৈ জৰুৰী যদিও জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগে বিষয়টোৰ প্ৰতি সামান্যতম গুৰুত্ব নিদিয়াত আজিও এইদৰে মেঘালয় সীমান্তৱৰ্তী লোক সকলে মাটিত গাত খান্দি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments