৫ খন গাওঁ পঞ্চায়তক লৈ গঠন হোৱা মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ আজি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে । সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১২ বজাৰ পৰা সমিতিখনৰ নতুন সমিতি গঠনৰ বাবে ভোটগ্ৰহন কৰা হৈছে। এইবাৰ সমিতিখনত মুঠ ১৫ টা পদৰ বিপৰীতে ৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে । সমিতিখনত মুঠ ৩৭১৯ গৰাকী অংশীদাৰ ভোটাৰৰ ভিতৰত ২১২৫ গৰাকী ভোটাৰে আজি ভোট প্ৰদান কৰিছে । ভোট গ্ৰহনৰ আৰম্ভণিৰে পৰা যথেষ্ট সংখ্যাক অংশীদাৰ ভোটাৰে ভোট প্ৰদান কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। সুখচৰ, মলাখোৱা, মালিৰ আলগা আৰু ফুলেৰচৰ আৰু বৰাইৰ আলগা গাওঁ পঞ্চায়তৰ অংশীদাৰ ভোটাৰ সকলে শাৰী পাতি ভোট প্ৰদান কৰে। কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণ ভাবে ভোটগ্ৰহন কৰা হয় । অহা ১২ আগষ্ট তাৰিখে সমিতিখনৰ নতুন সমিতি গঠনৰ বাবে ভোটগণনা কৰা হব। ভোটৰ জৰিয়তে নিৰ্বাচিত হোৱা ১৫ গৰাকী সদস্যৰ পৰা এজনক সভাপতি হিচাপে বাচনি কৰা হব। নিৰ্বাচিত ১৫ গৰাকী সদস্যই এই সভাপতি নিৰ্বাচিত কৰিব। লক্ষণীয় যে সমবায় সমিতিখনত ১৫ টা পদৰ ভিতৰত ৪ টা সবল প্ৰাৰ্থীৰ বিপৰীতে ১২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰিছে। আনহাতে ৮ টা দূৰ্বল প্ৰাৰ্থীৰ বিপৰীতে ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । একেদৰে ২টা মহিলা সংৰক্ষিত আসনৰ বিপৰীতে ৬ গৰাকী প্ৰাৰ্থী আৰু অনুসূচিত জাতী জনজাতীয় সংৰক্ষিত এখন আসনৰ বিপৰীতে ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।




