Friday, October 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত ১৬ টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ এজন

মানকাচৰ-বাংলাদেশ সীমান্তত ১৬ টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ তিনিটা পৃথক স্থানৰ পৰা বিএছএফে ১৬ টা চোৰাং পশুধন সহ এজনক কৰায়ত্ব কৰিছে।

প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৰ দীপচৰ বিএছএফ কেম্পৰ ৪৫ নং বেটেলিয়ান বিএছএফে কাটাতাৰৰ বেৰৰ ওচৰৰ পৰা ৭ টা চোৰাং গৰু জব্দ কৰিছে। একেখন আৰক্ষী চকী এলেকাৰ অধীনস্থ বৰাইৰ আলগা বিএছএফ কেম্পৰ ৪৫ নং বেটেলিয়ান বিএছএফে নদী সীমান্তৰ পৰা দুটা চোৰাং পশুধন সহ এজনক কৰায়ত্ব কৰিছে। বিএছএফে পশুধন কেইটা সহ সৰবৰাহকাৰীজনক খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিছে।ধৃত সৰবৰাহকাৰীজনক সুখচৰ থানা এলেকাৰ অধীনস্থ কোকৰাডাঙা গাঁৱৰ আব্দুল আজিতৰ পুত্ৰ জাহিৰুদ্দিন সেখ বুলি চিনাক্ত কৰা হৈছে।

ইফালে সুখচৰ থানা এলেকাৰ অধীনস্থ উন্মক্ত নদী তথা চৰ সীমান্তৰ হাতীচৰত ৪৯ নং বেটেলিয়ান বিএছএফে ৯ টা পশুধন জব্দ কৰিছে। পশুধন কেইটা চোৰাং সৰবৰাহকাৰীয়ে নদী সীমান্তয়েদি বাংলাদেশত সৰবৰাহৰ বাবে চেষ্টা চলাইছিল। টহলধাৰী জোৱান পশুধন কেইটা জব্দ কৰে যদিও সৰবৰাহকাৰী দলটো পলায়ন কৰে। বিএছএফে পশুধন কেইটা সুখচৰ আৰক্ষীৰ ওচৰত জমা কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments