Friday, October 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত দীৰ্ঘদিনে আত্মগোপন কৰা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মানকাচৰত দীৰ্ঘদিনে আত্মগোপন কৰা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ মিয়াপাৰাত কালি আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

প্ৰাপ্ত বাতৰি মতে, মানকাচৰ থানাৰ উপ পৰিদৰ্শক ইলিয়াচ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ দল এটা এক গোপন সুত্ৰৰ ভিত্তীত মিয়াপাৰা গাঁৱত অভিযান চলায়। মানকাচৰ থানাত ১৫৩/২২ নম্বৰত পঞ্জীয়ন হৈ থকা গোচৰত অভিযুক্ত ৰসিদ ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মিয়াপাৰা গাঁৱৰ মজিবৰ ৰহমানৰ পুত্ৰ ৰসিদ দীৰ্ঘ দিনে আত্মগোপন কৰি আছিল। যোৱা বছৰ এই ড্ৰাগছ সৰবৰাহকাৰীজন এখন গাড়ীৰে বৃহত পৰিমানৰ নিচাযুক্ত টেবলেট, কফ ছিৰাফ মানকাচৰ অভিমুখৈ নি থকা অৱস্থাত কঠালবাৰীত আৰক্ষীয়ে সন্দেহ কৰি গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়ে। ফলত গাড়ীখন ৰখাই তেওঁ গাড়ী এৰি পলায়ন কৰে। আৰক্ষীয়ে গাড়ী সহ বৃহত পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ আত্মগোপন কৰি থকাৰ পাচত কালি নিজৰ ঘৰত অহা বুলি আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তীত জানিব পাৰি গ্ৰেপ্তাৰ কৰে। আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে ঘটনাৰ অধিক তদন্তৰ বাবে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাদ দিয়া বুলি মানকাচৰ থানাৰ উপ পৰিদৰ্শক ইলিয়াচ হুছেইনে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments