Friday, October 18, 2024
Google search engine
গৃহUncategorizedসুখচৰ সমবায় সমিতিৰ নিৰ্বাচিত ১৫ সদস্যৰ শপদগ্ৰহন । তৃতীয় বাৰৰ বাবে সভাপতি...

সুখচৰ সমবায় সমিতিৰ নিৰ্বাচিত ১৫ সদস্যৰ শপদগ্ৰহন । তৃতীয় বাৰৰ বাবে সভাপতি হ’ল মোস্তাউৰ ৰহমান

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ সমবায় সমিতিৰ পৰা নতুনকৈ নিৰ্বাচিত হোৱা ১৫ গৰাকী সদস্যৰ আজি শপদ গ্ৰহন কৰাৰ লগতে সভাপতি আৰু উপ-সভাপতি নিৰ্বাচিত কৰা হয়।

উল্লেখযোগ্য যে সুখচৰ, মলাখোৱা, বৰাইৰ আলগা, মালিৰ আলগা আৰু ফুলেৰচৰ গাওঁ পঞ্চায়তক লৈ গঠন হোৱা সুখচৰ সমবায় সমিতিৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচত আজি সমিতিৰ কাৰ্যালয়ত শপদ গ্ৰহন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমবায় সমিতিৰ দুগৰাকী চৰকাৰী বিষয়া ক্ৰমে হৰে ৰাম ৰায় অশ্বিনী ৰায়ৰ উপস্থিতিত এই শপদ গ্ৰহন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ১৫ গৰাকী সদস্যই অংশীদাৰ সকলৰ উপস্থিতিত শপদ গ্ৰহন কৰাৰ পাচত সদস্য কেইজনে মোস্তাউৰ ৰহমানক তৃতীয় বাৰৰ বাবে সমিতিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে। একেদৰে প্ৰথমবাৰৰ বাবে সদস্য হিচাপে নিৰ্বাচিত হোৱা সুভাষ সাহাক উপ সভাপতি হিচাপে নিৰ্বাচিত কৰে। এই কাৰ্যসূচীত সুখচৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰফিকুল ইছলাম সভাপতিত্ব কৰে। শপদগ্ৰহন অনুষ্ঠানত কংগ্ৰেছৰ নেতা-কৰ্মী সকল উপস্থিত আছিল। তৃতীয় বাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হোৱা মোস্তাউৰ ৰহমান অনাগত দিনত সমিতিখনত পূৰ্বতকৈ দ্বিগুন উন্নয়ন কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে। লক্ষণীয় যে যোৱা ১০ আগষ্ট তাৰিখে সমিতিখনৰ ভোটগ্ৰহন হোৱাৰ পাচত ১২ আগষ্টত ভোগগণনা অনুষ্ঠিত হৈছিল। মুঠ  ১৫ টা আসনৰ ভিতৰত কংগ্ৰেছ সমৰ্থিত ১৪ গৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ লগতে এআইইউডিএফৰ সমৰ্থনত মাত্ৰ এজন প্ৰাৰ্থী জয়ী হৈছে। আনহাতে নিৰ্বাচনত অগপৰ সমৰ্থনত এজনো প্ৰাৰ্থী জয়ী হব পৰা নাছিল। প্ৰথমবাৰৰ বাবে সমবায় সমিতিখনত তিনিটা দলে নিজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদান কৰিছিল । ইয়াৰ পূৰ্বে সমিতিখনত মাত্ৰ দুটা দলৰ মাজত নিৰ্বাচনত অনুষ্ঠিত হোৱা বুলি সুখচৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰফিকুল ইছলামে জানিবলৈ দিছে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments