Sunday, September 8, 2024
Google search engine
গৃহক্ৰীড়াএইচ পি এলৰ আজি অন্তিম কোৱাৰ্টাৰ ফাইনেল

এইচ পি এলৰ আজি অন্তিম কোৱাৰ্টাৰ ফাইনেল

হাটশিঙিমাৰী প্ৰিমিয়াম লিগৰ আজি সন্ধিয়া ৯.৩০ বজাত অন্তিম কোৱাৰ্টাৰ ফাইনেল খেলখন হাটশিঙিমাৰী BJYM আৰু ভুৰাকাটা দলৰ মাজত অনুষ্ঠিত হব। কালি তৃতীয় কোৱাৰ্টাৰ ফাইনেল খেলখন এম্বুলেঞ্চ নাইন ষ্টাৰ আৰু ডমিনেটৰ্চ এফ চিৰ মাজত অনুষ্ঠিত হৈছে। তৃতীয় কোৱাৰ্টাৰ ফাইনেলত ডমিনেটৰ্চ এফ চি দল ৫ উইকেটত জয়ী হৈ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। এইচ পি এলত এতিয়ালৈ হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমী, দাফাদাৰপাৰা নাইন ষ্টাৰ আৰু ডমিনেটৰ্চ এফ চি দল ছেমি ফাইনেলত প্ৰবেশ কৰিছে। অহা ২৩ এপ্ৰিল সন্ধিয়া ৭.৩০ বজাত জ্ঞান বিকাশ একাডেমী আৰু দাফাদাৰপাৰা নাইন ষ্টাৰৰ মাজত প্ৰথম ছেমি ফাইনেল অনুষ্ঠিত হব। আনহাতে অহা ২৪ এপ্ৰিলত সন্ধিয়া ৭.৩০ বজাত ডমিনেটৰ্চ এফ চি দলৰ লগত আজিৰ কোৱাৰ্টাৰ ফাইনেলত জয়ী হোৱা দলৰ সৈতে দ্বিতীয় ছেমি ফাইনেল অনুষ্ঠিত কৰা হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments