Friday, October 18, 2024
Google search engine
গৃহউত্তৰ-পূবদেশ বিদেশৰ ৫ লক্ষাধিক ভক্তৰ সমাগমেৰে অন্ত পৰিল মেঘালয়ৰ গাৰো পাহাৰৰ চৰণতলা...

দেশ বিদেশৰ ৫ লক্ষাধিক ভক্তৰ সমাগমেৰে অন্ত পৰিল মেঘালয়ৰ গাৰো পাহাৰৰ চৰণতলা দেবীৰ মেলা ।। দেৱীক সন্তষ্টি কৰাৰ বাবে পূজা-অৰ্চনা, পাৰচৰাই উচৰ্গা, বলি বিধান

তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰপূৰ্বাঞ্চলৰ সৰ্ব চৰণতলা মেলাৰ আজি সামৰণি পৰে। এইবেলি ৫৬ সংখ্যাক চৰণতলা মেলা যোৱা ১৭ এপ্ৰিল অৰ্থাত সোমবাৰৰ পৰা আৰম্ভ হৈছিল। মেলাত দেশৰ ভিন্ন প্ৰান্তৰ ভক্ত সকলৰ লগতে বাংলাদেশ, নেপাল, ভূটানৰ পৰাও ভক্তৰ সমাগম ঘটিছিল। প্ৰায় ৫ লক্ষাধিক ভক্তৰ সমাগম হোৱা এই মেলাত নিজৰ নিজৰ মন কামনা পূৰণৰ উদ্দেশ্যে চৰণতলা দেবীৰ মন্দিৰত ভক্ত সকলে উপস্থিত হৈ দেবীৰ পূজা অৰ্চনা কৰাৰ উপৰিও দেবীৰ নামত বলি দিয়ে। আন আন বছৰৰ তুলনাত এইবাৰ বলিৰ সংখ্যা হ্ৰাস পাইছে যদিও এইবেলিও প্ৰায় দুই হেজাৰ পঠা আৰু মহ বলি দিয়া হয় এই চৰণতলা মেলাত।

      উল্লেখযোগ্য যে ষাঠিৰ দশকৰ এটা সময়ত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ হলদিবাৰী-বাবেদপাৰাত কোচ সম্প্ৰদায়াৰ লোকৰ মাজত এক প্ৰকাৰৰ বিশেষ বেমাৰে মহামাৰীৰ সৃষ্টি কৰিছিল।বহু লোকে এই বেমাৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। তেনে সময়ত স্থানীয় কেইজনমান জেষ্ঠ্য লোকে একে নিশাই দেবী চৰণতলাৰ সপোন দেখে। সপোনত দেবী চৰণতলাই এই বাবেদপাৰাৰ পাহাৰত আশ্ৰয় দিবলৈ অনুৰোধ জনায়। দেবী চৰণতলাক আশ্ৰয় দিলে অঞ্চলটোত বিয়পি থকা মহামাৰী নাইকীয়া হব বুলি প্ৰতিশ্ৰুতি দিয়ে। দেবী চৰণতলাৰ এনে সপোনৰ প্ৰতিশ্ৰুতিৰ বাবেই বাবেদপাৰাৰ এই পাহাৰত গাওবাসীয়ে ১৯৬৫ চনত এটি মন্দিৰ নিৰ্মাণ কৰে। তেতিয়াৰ পৰাই দেবীক সন্তষ্টি কৰাৰ বাবে এই মন্দিৰত চৰণতলা মেলাৰ আযোজন কৰি অহা হৈছে।

      ১৯৬৫ চনত নিৰ্মিত দেবী চৰণতলা দেশ কালীৰ মন্দিৰত প্ৰতি বছৰৰ বহাগ মাহৰ কৃষ্ণ পক্ষৰ প্ৰথম মঙলবাৰৰ দিনা দেবীৰ নামত অনুষ্ঠিত হয় বিশেষ পুজা। দেবী চৰণতলাক সন্তষ্ট কৰাৰ উদ্দেশ্যে এই মেলাত মঙলৰবাৰৰ নিশাৰ পৰা দেবীৰ নামত ভেটি হিচাপে পাৰচৰাই, সন্দেশ, বাতসা, কল, সোন-ৰূপ, নগদ ধন আদি উচৰ্গা কৰা হয়। তদুপৰি ভক্ত সকলৰ মনকামনা পুৰণৰ উদ্দেশ্যে নিশা ১২ বজাৰ পৰা পঠা বলি বিধান আৰম্ভ কৰা হয়। বুধবাৰে পুৱা ৮ বজালৈ পঠা  বলি কৰাৰ অন্তত এটা মহ বলিৰে বলি বিধানৰ পৰম্পৰা সম্পন্ন কৰা হয়। প্ৰতি বছৰে ভক্ত সকলে প্ৰায় ১০ সহস্ৰাধিক পঠা বলিৰ বাবে মন্দিৰত লৈ আহে যদিও বলি বিধান প্ৰথাটো বন্ধ কৰাৰ বাবে কৰ্মকৰ্তা সকলে আধা সংখ্যক বলি দিয়াৰ লগতে আন আধা সংখ্যক পঠা মন্দিৰতে এৰি দিয়া হয়।

      মন কৰিবলগীয়া বিষয় এয়া যে মঙলবাৰে নিশা ১২ বজাত বিশেষ পুজা অনুষ্ঠিত কৰাৰ পাছত ঠাকুৰৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰা হয় পঠা বলি বিধানৰ পৰ্ব। চৰণতলা মন্দিৰৰ সম্মুখত থকা মুঠ ৬ খনকৈ কাকলাৰ কেচাৰাকী ঘাতকে এই বলি বিধান কাৰ্য চলাই থাকে। বুধবাৰে পুবা ৮ বজালৈ বলি বিধান চলোৱাৰ হয়। পঠা ছাগলী বলিৰ পাছত এটা মহ বলিৰ পাছতেই বলি বিধান আৰু মেলাৰ সামৰণি পৰে। দেশৰ লগতে বিদেশৰ পৰা অহা ভক্ত সকলেও বলিৰ বাবে পঠা  অনা পৰিলক্ষিত হয়। আন আন বছৰ প্ৰায় ৫ সহস্ৰাধিক পঠা বলি দিয়াৰ লগতে আন ৫ সহস্ৰাধিক পঠা এৰি দিয়া হৈছিল যদিও এইবেলি মাত্ৰ দুই হেজাৰ পঠা বলি দি অধিকাংশ পঠা মন্দিৰ প্ৰাঙ্গনত দেবীৰ নামত উচৰ্গা কৰা হয়। মহকুমা, জিলা আৰু আৰক্ষী প্ৰশাসনৰ লগতে উদ্যোগতাকাৰী সকলৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবেলিও শান্তিপূৰ্ণ ভাবে আজি পুৱাৰ ভাগত তিনিদিনীয়া মেলাৰ সামৰণি পৰে। ফলত দেশ বিদেশৰ ভক্ত সকল নিজৰ নিজৰ গন্তব্য স্থানলৈ ৰওনা হয়। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments